NORTHEAST NOW (Assamese)
Popular Stories

লোহাকো আকৰ্ষণ কৰে অসমৰ শিলে! ক’ত আছে এনে শিল?

Posted by: দুলাল মিশ্ৰ July 19, 2020 10:10 am
stones

লোক চুম্বকে আকৰ্ষণ কৰে। এয়া প্ৰাকৃতিক ভাবে সত্য এক পৰিঘটনা।

ইয়াত আচৰিত হ’বলগীয়া কথা একো নাই।

কিন্তু শিলে যদি লোক আকৰ্ষণ কৰে তেন্তে সেয়া নিশ্চয়কৈ কিছু আচৰিত হ’বলগীয়া কথাই।

লো আকৰ্ষণ কৰা শিল বিচাৰি আপুনি যাব নালাগে সুদূৰ আমেৰিকা অথবা ইংলেণ্ডলৈ।

এনে শিল আমাৰ এই ৰুপহী অসম খনতেই আছে। কিন্তু পৰ্যাপ্ত গৱেষণা তথা পৰ্যবেক্ষণৰ অভাৱত লো আকৰ্ষণ কৰা শিলৰ কথা বহুতৰে দৃষ্টিৰ অগোচৰ হৈ ৰৈছে।

লো আকৰ্ষণ কৰা শিল আছে অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৱৰ্তী হাকামাত।

হাকামাত আছে এখন ঐতিহ্যমণ্ডিত বিল। বিল খনৰ নামো হাকামা বিল।

হাকামা বিলৰ তলিত পৰি ৰোৱা শিল বোৰে চুম্বকৰ দৰেই লোহাত লাগি ধৰে।

কথাষাৰ বহুদিন ধৰি শুনি থকাৰ পিছত এই প্ৰতিবেদকেও উক্ত স্থানলৈ গৈ শিল বোৰৰ লো আকৰ্ষণ কৰা গুণ স্বচক্ষে প্ৰত্যক্ষ কৰিছিল।

হাকামা বিলৰ শিলে কিয় লো আকৰ্ষণ কৰে সেয়া নিশ্চয়কৈ এক গৱেষণাৰ বিষয় হ’ব পাৰে।

এই ক্ষেত্ৰত ৰাজ্যৰ পুৰাতত্ত্ব বিভাগেও বিষয়টো ভালদৰে নিৰীক্ষণ কৰাৰ থল আছে।

হাকামা বিলৰ তলিত পোৱা শিল বোৰত কেতবোৰ সৰু সৰু ক’লা পদাৰ্থ থকা দেখিবলৈ পোৱা যায়।

সেই ক’লা পদাৰ্থ বোৰত চুম্বকীয় গুণ নিহিত হৈ থাকিব পাৰে বুলি বহুতে ধাৰণা কৰি আহিছে। অৱশ্যে পৰীক্ষাৰ অন্ততহে শিল বোৰতনো কি পদাৰ্থ আছে সেয়া জানিব পৰা যাব।

স্থানীয় বাসিন্দা একাংশই প্ৰকাশ কৰা মতে তেওঁলোকে দেখাৰে পৰাই হাকামা বিলৰ শিলৰ এনে গুণ প্ৰত্যক্ষ কৰি আহিছে।

বহুতৰ মতে তাহানিৰ দিনত তাত হেনো এটা ৰাজ অট্টালিকা আছিল।

সকলো কথা পিছে সঠিক অধ্যয়ন আৰু গৱেষণাইহে স্পষ্ট কৰিব।