Mahima Chaudhry স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত মহিমা চৌধুৰী; ছবি শ্বেয়াৰ কৰি অনুপম খেৰে জনালে আন বহু কথা
স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। শ্বাহৰুখ খানৰ ছবি ‘পৰদেশ’ৰ কথা মনলৈ আহিলেই দৰ্শকৰ চকুত ভাহি উঠে অভিনেত্ৰীগৰাকীৰ সেই হাঁহিভৰা মুখখন। অভিনেত্ৰীগৰাকীয়ে যোৱা কেইবছৰমান ধৰি বলীউডৰ পৰা আঁতৰি আছে। বৰ্তমান তেওঁ কৰ্কট ৰোগৰ দৰে এক মাৰাত্মক ৰোগৰ সৈতে যুঁজি আছে।
অভিনেতা অনুপম খেৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰি মহিমাৰ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খৱৰ সদৰি কৰিছে।
মহিমা চৌধুৰীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুপম খেৰে লিখিছে, “মই এমাহ আগতে মহিমা চৌধুৰীক ফোন কৰিছিলো। মই তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত আছিলো। মই তেওঁৰ সৈতে এখন চিনেমাৰ বিষয়ে আলোচনা কৰিব লগা আছিল। কথা পতাৰ মাজতে মই গম পালোঁ যে তেওঁ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত। তেওঁৰ জীৱন প্ৰণালী আৰু মানসিকতাই সমগ্ৰ বিশ্বৰ মহিলাসকলক জীয়াই থাকিবলৈ এক নতুন অনুপ্ৰেৰণা দিব পাৰে। তেওঁ বিচাৰিছিল যে মই তেওঁৰ এই যাত্ৰা সকলোৰে সন্মুখত দাঙি ধৰো। মানুহৰ আগত এয়া উন্মোচিত কৰাৰ ক্ষেত্ৰত মই যাতে ইয়াৰ অংশ হ’ব পাৰো। তেওঁ যদিও মোক প্ৰশংসা কৰে, মই ক’ব বিচাৰো যে ‘মহিমা তুমি মোৰ নায়ক’। বন্ধুসকল, অন্তৰেৰে তেওঁৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰক। এতিয়া তেওঁ বহুখিনি ভাল পাইছে। পুনৰ উৰিবলৈ সাজু। সেই সকল প্ৰযোজক/পৰিচালক আছে! তেওঁৰ প্ৰতিভাক লৈ কাম কৰাৰ সুযোগ আছে আপোনালোকৰ!’’
ভিডিঅ’টোত মহিমাই কয় যে যেতিয়া তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, অনুপম খেৰে তেওঁক ফোন কৰিছিল আৰু অভিনেতাজনৰ ছবিখনত কাম কৰিবলৈ মাতিছিল। তেওঁ কৈছিল যে তেওঁ ৱেব শ্ব’ আৰু চলচ্চিত্ৰত অভিনয় কৰিবলৈ ফোন পাইছিল। কিন্তু তেওঁ সন্মতি দিব নোৱাৰিলে কাৰণ তেওঁৰ চুলি নাই। পিছত আৱেগিক হৈ পৰিছিল আৰু অনুপমক সুধিছিল যে তেওঁ তেওঁৰ চলচ্চিত্ৰখনত নকল চুলি লগাই অভিনয় কৰিব পাৰিবনে।
তেওঁ লগতে কৈছিল, “মোৰ কৰ্কট ৰোগৰ কোনো লক্ষণ নাছিল। এইটো মোৰ নিয়মীয়া পৰীক্ষাৰ সময়ত পৰা ধৰা পৰিছিল।‘’ভিডিঅ’টোত মহিমাই হাঁহি থকা দেখা গৈছে। ভিডিঅ’টো অভিনেত্ৰীগৰাকীৰ কৰ্কট ৰোগত আক্ৰান্তৰ সময়ৰ।
উল্লেখ্য যে মহিমা চৌধুৰীয়ে পৰদেশৰ উপৰিও ধড়কন, ওম জয় জগদীশৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ২০১৬ চনত ‘ডাৰ্ক চকলেট’ত দেখা গৈছিল। ডাঙৰ পৰ্দাৰ উপৰিও তেওঁ টিভিতো কাম কৰিছে।