NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদাম বিদ্যা নিকেতনৰ অভিভাৱক সমিতি গঠন

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা April 27, 2019 9:53 pm
Parents committee formed in Puranigudam

নগাঁও জিলাৰ পুৰণিগুদামস্থিত শিক্ষানুষ্ঠান পুৰণিগুদাম বিদ্যা নিকেতনত শনিবাৰে বিয়লি এখন গঠন হয় অভিভাৱক সমিতি।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰায় ৩শ অভিভাৱক-অভিভাৱিকা উপস্থিত থকা সভাত এই সমিতি গঠন কৰা হয়।

সভাখনত কেইবাজনো অভিভাৱকে বিদ্যালয়ৰ শৈক্ষিক দিশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উল্লেখযোগ্য যে ২০২০চনত বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব।

ৰূপালী জয়ন্তী উৎসৱ কিদৰে পালন কৰা যায় তাৰ ওপৰতো বিশেষভাৱে সভাত আলোচনা কৰা হয়।

বিদ্যালয়খনৰ অভিভাৱক-অভিভাৱিকাসকলে দীৰ্ঘদিন ধৰি  এখন অভিভাৱক সমিতিৰ অভাৱ অনুভৱ কৰি আহিছিল।

বসন্ত কৌশিক ভাগৱতীক সভাপতি, তপন কটকীক সম্পাদক, দেৱকান্ত বনিয়াক সহকাৰী সম্পাদক হিচাপে সৰ্বসন্মত সিদ্ধান্তৰে গ্ৰহণ কৰাৰ উপৰিও সান্ত্বনা শৰ্মা, তিলক গায়ন, অনামিকা বৰা, মৌচুমী বৰা, প্ৰদীপ বৰা, হবিবুৰ ৰহমান, পুষ্পেন্দ্ৰ গায়ন, দিলীপ দাস, বিপুল কুমাৰ বৰা আৰু সঞ্জীৱ বৰুৱাক কাৰ্যকৰী সদস্য হিচাপে লৈ সমিতিখন গঠন কৰা হৈছে।

সভাখনৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে।

উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা বৰা কলিতাই।

সভাত বিদ্যালয়ৰ ৰেক্তৰ ৰোহিনী ভূঞা, প্ৰধান শিক্ষয়িত্ৰী জিনু বৰা, জ্যেষ্ঠ শিক্ষক সত্যমোহন শৰ্মা, প্ৰভাত চন্দ্ৰ বৰা আৰু কবি বসন্ত কৌশিক ভাগৱতী উপস্থিত থাকে।