NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ থিতাতে মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2019 9:09 am
accident

শনিবাৰে অৰ্থাৎ ২৮ ডিচেম্বৰৰ সন্ধিয়া তামুলপুৰত দুটাকৈ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত দুজনকৈ লোকে থিতাতে মৃত্যুক আঁকোৱালি লয়।

ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় তামুলপুৰৰ নিকটৱৰ্তী ঘোগমাৰী চকত। তামুলপুৰ মহকুমাৰ অন্তৰ্গত অহিয়াবাৰী গাঁৱৰ নিৱাসী পংকজ মণ্ডলে মটৰচাইকেলেৰে বজাৰ কৰি উভতাৰ সময়তে এখন দ্ৰুতবেগী টেক্টৰে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত মটৰচাইকেলসহ পথৰ ওপৰত উফৰি পৰে পংকজ মণ্ডল আৰু থিতাতে তেওঁ মৃত্যুক আঁকোৱালি লয়। নিহত পংকজ মণ্ডল চি আৰ পি এফৰ জোৱান আছিল বুলি জানিব পৰা গৈছে

আনহাতে আনটো দুৰ্ঘটনা সংঘটিত হয় তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ কুমাৰীকাটাৰ গনেশগুৰিত।

ভাৰত-ভূটান সীমান্তৰ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰে অৰ্গা বড়ো নামৰ লোকজনে মটৰচাইকেলেৰে ভূটানৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত গনেশগুৰিত কুমাৰীকাটাৰ পৰা ভূটান অভিমুখে গৈ থকা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ফলত মটৰচাইকেল আৰোহী অৰ্গা বড়ো নামৰ লাট গাওঁবুঢ়াজন থিতাতে নিহত হয়। নিহত বড়োৰ ঘৰ মটঙাপাৰ আঙাৰকাটাৰত বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।