NORTHEAST NOW (Assamese)
অসম

চীনৰ হস্পিটেলত চিকিৎসাধীন পৰেশ বৰুৱা

Posted by: এন ই নাও নিউজ March 29, 2019 4:20 pm
Paresh Barua treated in Chinese hospital

এখন চীনা হস্পিটেলত চিকিৎসাধীন হৈ আছে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ বৰুৱা।

চোৰাংচোৱা সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনাইছে যে যোৱা বছৰৰ শেষৰ ফালে চীন-ম্যানমাৰ সীমান্তৰ ৰুইলিত এক মটৰচাইকেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত পোৱা বৰুৱাৰ জটিলতা এতিয়াও আঁতৰা নাই।

দক্ষিণ-পশ্চিম ৰুইলিৰ ৬ কিঃমিঃ দূৰত য়ুনান ফাৰ্স্ত পিপলছ হস্পিটেলত যোৱা কেইমাহমান তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে।

সূত্ৰসমূহে জনায় যে কামিহাড়, ভৰি আৰু হাতৰ হাড় ভগা বৰুৱাক চিকিৎসাৰ বাবে প্ৰথমে গুৱানঝৌৰ দক্ষিণ চিকিৎসা বিশ্ববিদ্যালয় হস্পিটেললৈ নিয়া হৈছিল।

হাড় ভগাৰ চিকিৎসা সমাপ্ত হোৱাৰ পিছতে তেওঁ পুনৰ ঘূৰি আহে ম্যানমাৰৰ ফালৰ তেনচঙলৈ, ৰুইলিৰ পৰা তালৈ বেছি দূৰ নহয়।

কিন্তু দায়েবিতিচ আক্ৰান্ত হোৱা বাবে বিদ্ৰোহী নেতাজনে আন কিছুমান জটিলতাত ভুগিবলৈ আৰম্ভ কৰিছে।

সেয়ে তেওঁক ৰুইলিৰ সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ২০০৯ চনৰ পৰা বহিৰ্জগতৰ সৈতে যোগাযোগৰ বাবে বৰুৱাই চীনা চহৰ ৰুইলিকে ব্যৱহাৰ কৰি আহিছে।

Paresh Barua treated in Chinese hospital
য়ুনান ফাৰ্স্ত পিপলছ হস্পিটেলৰ উপগ্ৰহীয় ছবি।

শ্বেইখ হাছিনাৰ আৱামী লীগ চৰকাৰৰে আক্ৰমণ নমাই অনাৰ পিছত ২০০৯ চনত ম্যানমাৰলৈ স্থান পৰিৱৰ্তন কৰাৰ পৰাই তেওঁ তেনচঙত অৱস্থান লৈ আহিছে।

স্বাস্থ্যজনিত কাৰণৰ বাবে বাৰ্মিজ আৰ্মিয়ে চাগাইং প্ৰদেশৰ তা গাত সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা নাই বৰুৱা।

এন এচ চি এন-কেৰ মুখ্যালয় থকা তা গাত যোৱা ফেব্ৰুৱাৰিত এক বৃ্হৎ আক্ৰমণ সংঘটিত কৰিছিল ম্যানমাৰ আৰ্মিয়ে।

ম্যানমাৰ চৰকাৰৰ সৈতে ২০১২ চনৰে পৰা থকা যুদ্ধবিৰতিৰ চুক্তিৰ ৰিস্ক ল’ব নোখোজা এন এচ চি এন-কেই সেনা অভিযানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়া নাছিল।

কিন্তু তা গাস্থিত শিবিৰসমূহত ম্যানমাৰ আৰ্মিয়ে অভিযান চলাব খোজাত আলফা (স্বাঃ)ৰ সৈতে তেওঁলোকৰ সংঘাতৰ সূত্ৰপাত হয়।

মে’জৰ জ্যোতিৰ্ময় অসমকে ধৰি কেইজনমান সেনানী তেওঁলোকে হেৰুৱাব লগা হৈছে।

আক্ৰমণটোৰ পিছৰে পৰা আলফা (স্বাঃ)ৰ আন সদস্যসকলো দিহিঙে দিপাঙে পলাব লগা হৈছে আৰু এতিয়ালৈকে কমেও ৯জনে কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিছে।