NORTHEAST NOW (Assamese)
অসম

বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে বিশ্বনাথ প্ৰশাসনৰ হেল্পলাইন মুকলি; সুবিধা পাব ১০ মে’লৈকে

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 7, 2020 11:38 am

লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত থকা লোক সকলক তেওঁলোকৰ গৃহ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শেহতীয়াকৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰিপ্ৰেক্ষিতে অসমৰ বাহিৰত থকা লোকসকলক নিজ ঘৰলৈ ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে।

শিক্ষা, কৰ্ম সংস্থান, চিকিৎসা আদি বিভিন্ন কামত লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা এই লোক সকলক ৰাজ্যখনলৈ ওভতাই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা এক ব্যৱস্থাৱলী গ্ৰহণ কৰিছে।

ইয়াৰ বাবে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ।

ৰাজ্যখনৰ অন্য প্ৰান্তৰ দৰে বিশ্বনাথ জিলাৰো ভালে সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ব্যক্তি বহিঃৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছে।

বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথ জিলাৰো যি সকল লোক স্ব-ৰাজ্যলৈ উভতি আহিব বিচাৰে, তেওঁলোকক 74-2815-9966 নম্বৰৰ হেল্পলাইনত মিছদ কল দিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে আহ্বান জনাইছে।

হেল্পলাইন নম্বৰটো অহা ১০ মে’লৈকে বাহাল থাকিব।

উল্লেখ্য যে, বহিঃৰাজ্যত থকা যি সকল লোকে ইতিমধ্যে 96-1547-1547 নম্বৰত ‘আছাম কেয়াৰ’ (Assam Cares)ৰ আৰ্থিক সাহায্যৰ  কাৰণে কল কৰি নাম পঞ্জীয়ন কৰিলে, তেওঁলোকে অবশ্যে পুনৰাই উল্লেখিত হেল্পলাইন (74-2815-9966) নম্বৰত মিছদ কল দিব নালাগে বুলিও জিলা প্ৰশাসনে প্ৰকাশ কৰিছে।