NORTHEAST NOW (Assamese)

বৰাকত অসমীয়া ভাষাই চলিব লাগিব, স্থিতি স্পষ্ট কৰিলে আলফা (স্বাধীন)ৰ সভাপতি পৰেশ বৰুৱাই

October 23, 2021 7:30 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 23, 2021 8:23 pm

বৰাকত অসমীয়া ভাষাৰ হ’ডিঙত ক’লা ৰং সানি দিয়াৰ ঘটনাকলৈ উত্তেজনা অব্যাহত থকাৰ সময়তে বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই কালি বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰি দিয়াৰ সপক্ষে মন্তব্য কৰিছিল।

বিশিষ্ট সাহিত্যিকগৰাকীৰ এনে মন্তব্যৰ পিছতে আলফা(স্বাধীন)ৰ সভাপতি পৰেশ বৰুৱাই আজি বিষয়টো সন্দৰ্ভত এটা ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

চেনেলটোৰ বাতৰি অনুসৰি সাহিত্যিক নগেন শইকীয়াৰ বক্তব্যক গৰিহণা দি পৰেশ বৰুৱাই কয় যে মূৰৰ বিষ হ’ল বুলিয়েই মূৰটো চিঙি পেলাব নেকি?

বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ মন্তব্যৰ বিৰোধিতা কৰি পৰেশ বৰুৱাই কয় যে বৰাকত অসমীয়া ভাষাই চলিব লাগিব।

তাত বাংলা ভাষা সহযোগী ভাষাহে বুলিও বৰুৱাই কয়।

এটা সময়ত কাচাৰত কচাৰী ৰজাই শাসন কৰিছিল। প্ৰয়োজন হ’লে এতিয়া কাচাৰত কচাৰী অথবা মণিপুৰীয়ে ৰাজত্ব কৰিব, বঙালীৰ ৰাজত্ব নচলিব বুলিও পৰেশ বৰুৱাই মন্তব্য কৰে।

বৰুৱাই কয় ‘ কাচাৰ সাতভনীৰ হ’ব পাৰে, কিন্ত বঙালীৰ হ’ব নোৱাৰে ৷ কাচাৰত আমি WESEAৰ ৰাজধানী পাতিম’।

বৰাকক অসমৰ পৰা আঁতৰাই পঠিয়াব লাগে বুলি বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই কৰা মন্তব্যৰ বাবে সাহিত্যিকগৰাকীক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ কথাও কয় পৰেশ বৰুৱাই।

Related News