NORTHEAST NOW (Assamese)

উন্মোচন হ’ল প্ৰয়াত পাৰ্থ বিজয় দত্তৰ গল্প সংকলন ‘দূৰৈৰ ঘণ্টাধ্বনি’

March 10, 2019 6:52 pm · এন ই নাও নিউজ, পাৰ্শ্বজ্যোতি গগৈ
Updated: March 10, 2019 6:55 pm
গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ দৃশ্য। ফটো ফেচবুকৰ পৰা সংগৃহীত

আজি গুৱাহাটী মহানগৰীৰ ‘দ্য ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া’ৰ অডিটৰিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত সদ্য প্ৰয়াত গল্পকাৰ আৰক্ষী বিষয়া পাৰ্থবিজয় দত্তৰ গল্প সংকলন ‘দূৰৈৰ ঘণ্টাধ্বনি’ উন্মোচন কৰা হয়।

উক্ত উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি দত্তৰ গল্প আৰু ব্যক্তিত্বৰ ওপৰত বক্তব্য আগবঢ়ায়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা ৭ ফেব্ৰুৱাৰিত মাথোঁ ৩৮ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লোৱা পাৰ্থ বিজয় দত্তৰ পত্নী স্বাতী দত্ত আৰু তেওঁৰ বন্ধু-বান্ধৱৰ প্ৰচেষ্টাত ‘দূৰৈৰ ঘণ্টাধ্বনি’ গল্প সংকলনখন প্ৰকাশ কৰি তোলা হৈছে।

যোৰহাট জিলাৰ তিতাবৰত জন্মগ্ৰহণ কৰা এগৰাকী সম্ভাৱনাপূৰ্ণ অসমীয়া গল্পকাৰ তথা আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তই কেইবাখনো গল্প পুথি লিখি থৈ গৈছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘খান্দাহাৰ’(২০১৫), ‘চেৰী ফুলৰ বতৰ আৰু এটা সাধু’(২০১৬) আৰু ‘দূৰৈৰ ঘন্টা ধ্বনি’(২০১৯)। তদুপৰি, তেওঁ কিছু দিক্দৰ্শী কবিতা তথা প্ৰৱন্ধও লিখি থৈ গৈছে।

Related News