NORTHEAST NOW (Assamese)

কেনেদৰে নিজৰ হাতৰ এটা আঙুলি হেৰুৱাইছিল ক’লে ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলে

April 25, 2020 11:12 am · এন ই নাও নিউজ
পাৰ্থিৱ পেটেল

ভাৰতীয় দলৰ প্ৰাক্তন উইকেট ৰক্ষক বেটছমেন তথা গুজৰাট ৰাঞ্জী দলৰ অধিনায়ক পাৰ্থিৱ পেটেলে কেনেদৰে তেওঁ নিজৰ বাওঁহাতৰ কনিষ্ঠ আঙুলিটো হেৰুৱাইছিল সেই সম্বন্ধে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে।

পাৰ্থিৱ পেটেলে ছয় বছৰ বয়সতে দৰ্জাত চেপা খাই নিজৰ বাওঁ হাতৰ কনিষ্ঠ আঙুলিটো হেৰুৱাবলগীয়া হৈছিল বুলি উল্লেখ কৰে।

আনহাতে, ৯ টা আঙুলিৰে প্ৰথম অৱস্থাত উইকেট কীপিঙৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধা হৈছিল বুলি ক্ৰিকেটাৰ গৰাকীয়ে কয়।

‘‘প্ৰথম অৱস্থাত উইকেট কীপিঙৰ ক্ষেত্ৰত সমস্যা হৈছিল কাৰণ শেষৰ আঙুলিটোৱে গ্লোভছ পিন্ধাত অসুবিধা দিছিল,’’ পাৰ্থিৱে সদৰি কৰে।

ক্ৰিকেটাৰ গৰাকীয়ে ৯ টা আঙুলিৰে ভাৰতীয় দলৰ উইকেট ৰক্ষক হিচাপে খেলিবলৈ পোৱাটো ভাল লগা অনুভুতি বুলিও লগতে মন্তব্য কৰে।

উল্লেখযোগ্য যে, পাৰ্থিৱ পেটেলে মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীয় দলৰ হৈ অভিষেক ঘটাই ভাৰতীয় দলৰ সৰ্বকনিষ্ঠ উইকেটৰক্ষক হিচাপে অভিলেখ গঢ়িছিল।

পাৰ্থিৱ পেটেলে আই পি এলটো চেন্নাই চুপাৰ কিংছ, ৰোয়েল চেলেঞ্জাৰ বাংগালুৰু আদি দলৰ হৈ খেলি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

Related News