NORTHEAST NOW (Assamese)

অসম জ্বলাইছে বিধায়ক শ্বেৰমানে; এজাহাৰ দাখিল পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সংন্থাৰ

October 2, 2021 11:21 am · মৃদুল প্রীতম ডেকা, কামৰূপ
ফটো: নৰ্থইষ্ট নাও।

বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে অসম আন্দোলনৰ শ্বহীদক লৈ কৰা মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আছুকে ধৰি অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে অসম আন্দোলনৰ সৈতে জড়িত লোকসকলেও বিধায়কগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে ক্ষোভত জ্বলি উঠিছে।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী তুলি এজাহাৰ দাখিল কৰা হৈছে।

শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে এইবাৰ শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই।

আজি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

উল্লেখ্য যে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

Related News