NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ: বিশ্ব স্বাস্থ্য সংস্থাৰ এই পাঁচটা দিহা মানি চলক, আনকো জনাওক

March 24, 2020 7:51 pm · এন ই নাও নিউজ
Updated: March 24, 2020 7:55 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ পৰা আঁতৰি থাকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পাঁচটা পৰামৰ্শ দিছে।

বিশ্ব স্বাস্থ্য সংস্থাই এই পৰামৰ্শসমূহ আনকো জনাবলৈ আৰু সজাগ কৰিবলৈ আহ্বান জনাইছে।

১. হাত:

হাতকেইখন সঘনাই চাবোন আৰু পানীৰে বা এলকহ’লযুক্ত হাত পৰিষ্কাৰ কৰা সামগ্ৰীৰে ধুই থাকিব।

ই আপোনাৰ হাতত থকা ভাইৰাছ ধ্বংস কৰিব পাৰে। এই কাম খুব সহজ, কিন্তু খুব গুৰুত্বপূৰ্ণ।

২. কিলাকুটি:

হাঁচিয়াওতে নাকৰ পৰা ওলোৱা পানীয়ে কৰ’নাভাইৰাছ বিয়পাব পাৰে। সেয়ে কাঁহিলে বা হাঁচিয়ালে কিলাকুটিৰে বা ৰুমালেৰে মুখখন ঢাকি লওক।

এই কাম কৰিলে কাষৰ লোকজনলৈ ফ্লু বা কৰ’নাভাইৰাছ বিয়পাৰ সম্ভাৱনা কমি যায়।

৩. মুখ:

হাতেৰে আমি বিভিন্ন বস্তু চুই থাকো বাবে হাতৰ জৰিয়তে সহজে কৰ’নাভাইৰাছ বিয়পিব পাৰে।

সেয়ে হাতেৰে মুখখন চুই নাথাকিব। হাতৰ পৰা মুখৰ জৰিয়তে দেহলৈ কৰ’নাভাইৰাছ প্ৰৱেশ কৰিব পাৰে।

বিশেষকৈ চকু, নাক আৰু মুখ স্পৰ্শ কৰি নাথাকিব।

৪. দূৰত্ব:

আন ব্যক্তিৰ পৰা কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখক। এনে কৰিলে আন ব্যক্তিৰ পৰা হাঁচি বা কাঁহত ওলাই অহা বীজাণুৰ পৰা আঁতৰি থকা সম্ভৱ।

৫. অনুভৱ– ৰোগৰ লক্ষণসমূহ জানক:

গা বেয়া যেন অনুভৱ কৰিলে ঘৰতে থাকক। আপোনাৰ যদি জ্বৰ, কাঁহ বা উশাহ লোৱাত অসুবিধা হৈছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

Related News