NORTHEAST NOW (Assamese)
অসম

CAA সন্দৰ্ভত বিপথে পৰিচালিত কৰা হৈছে জনতাকঃ বৰপেটাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2024 7:57 pm
CAA Rajnath Singh

লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি বৰপেটাত নিৰ্বাচনী ৰণদুন্দুভি বজালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে। বিজেপি-অগপৰ যৌথ উদ্যোগত বৰপেটাত আয়োজিত হয় জনসভা।

বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। নিজ বক্তব্যত ৰাজনাথ সিঙে সভাত সমবেত লোকসকলক উদ্দেশ্যি কেন্দ্ৰীয় চৰকাৰৰ গুণ-গৰিমা বখানে।

সিঙে লগতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (CAA) সন্দৰ্ভত কেন্দ্ৰৰ স্থিতি স্পষ্ট কৰি CAAৰ বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰি থকা হৈছে বুলি মন্তব্য কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দলীয় ইস্তাহাৰত CAAৰ প্ৰতিশ্ৰুতি দিয়া বুলি উল্লেখ কৰে ৰাজনাথ সিঙে।

তেওঁ কয় যে, বিজেপিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিছে। বিজেপি চৰকাৰে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰে বুলি সিঙে মন্তব্য কৰে। পূৰ্বৰ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আংশিক ৰূপেও পূৰণ কৰা নাছিল বুলি কটাক্ষ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সিঙৰ লগতে মিত্ৰজোঁটৰ এই জনসভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, চন্দ্ৰ মোহন পাটোৱাৰী, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভূৱনেশ্বৰ কলিতা, ফণীভূষণ চৌধুৰীৰ লগতে আন নেতাসকল উপস্থিত থাকে।

লক্ষণীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিৰ পিছতো সভাকক্ষত দেখা গ’ল জনসাধাৰণৰ সেৰেঙা উপস্থিতি। সভাকক্ষত অধিকাংশ চকী খালী হৈ থকাক লৈয়ো চলিছে ৰাজনৈতিক গুঞ্জন।