NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ বিশ্বনাথবাসীৰ শ্ৰদ্ধাঞ্জলি

August 18, 2018 9:25 pm · কাজি জেইদুল ইছলাম

ভাৰত ৰত্ন তথা দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত আজি বিশ্বনাথ পৌৰ সভাৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ বিনাপানি নাট্য মন্দিৰ প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই উপলক্ষে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিভিন্ন সংগঠনৰ বিষয়ববীয়া সকলে বন্তি প্ৰজ্বলন কৰে।সাংবাদিক ভাস্কৰ জ্যোতি বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে বিশ্বনাথৰ পৌৰপতি ৰুলী শৰ্মাই।

সভাৰ আৰম্ভণিতে বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমাজকর্মী লোক নাথ শৰ্মাই গীতাৰ এটি শ্লোক পৰিৱেশন কৰে। ইয়াৰ পিছতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। বিধায়ক গৰাকীয়ে বাজপেয়ীয়ে অসমলৈ আগবঢ়োৱা বিভিন্ন অৱদানক স্মৰণ কৰে। তেওঁ ‘প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অধীনত নিৰ্মিত পথৰ কাষত বাজপেইৰ প্ৰতিচ্ছবি ৰখাৰ আহ্বান জনায়।

সভাত বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ড০ নিত্যানন্দ গগৈ, বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকটি, বিশ্বনাথ মহাবিদ্যালয়ৰ অধক্ষ্য ড০ মৃণাল কুমাৰ বৰা, বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সভাপতি অপূৰ্ব কুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী কমল চন্দ্ৰ ভূঞা, অৰুণা বৰা, বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সভানেত্ৰী কনকলতা নেওগ, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ধনদা কলিতা, সমাজ কর্মী ঈশ্বৰ ভাগৱতী আদিয়ে বক্তব্য আগবঢ়ায়। সভাত মিনাক্ষী দেৱীয়ে বাজপেয়ীৰ ওপৰত এটি কবিতা পাঠ কৰাৰ লগতে অখিল অসম ভোজপুৰী পৰিসদৰ সুৰেন্দ্ৰ কুমাৰ চাহাই বাজপেয়ীৰ দ্বাৰা ৰচিত এটি কবিতা পাঠ কৰে।

Related News