NORTHEAST NOW (Assamese)

টকা খৰচ কৰি গাড়ী কিনিব পাৰে, টোল টেক্স দিওতেহে সমস্যা হয় : ভৱেশ কলিতাৰ বচন

April 1, 2023 12:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 1, 2023 10:42 am

টোল টেক্স বৃদ্ধি কৰাৰ পিছত শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভবেশ কলিতাই কয় যে মানুহে দামী গাড়ী ক্ৰয় কৰিব পাৰে কিন্তু টোল টেক্সৰ দিওঁতেহে সমস্যাৰ সৃষ্টি হয়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত কলিতাই কয় যে মানুহে কিবা এটা পাবলৈ ত্যাগ কৰিব লাগিব। লগতে কয় যে ৰাজ্য চৰকাৰৰ টোল টেক্সৰ লগত কোনো সম্পৰ্ক নাই।

তেওঁ লগতে কয়, ‘যিসকল লোকৰ ভাল গাড়ী আছে তেওঁলোকেহে টোলগেটৰ মাজেৰে যায়। মানুহে লাখ লাখ টকাৰ গাড়ী ক্ৰয় কৰিব পাৰে কিন্তু টোল টেক্স দিওঁতে বেয়া লাগে।”

তেওঁ দাবী কৰে যে ভাল পথ পাবলৈ আৰু দেশৰ বাবে মানুহে ত্যাগ কৰিব লাগিব।

লগতে তেওঁ দাবী কৰে যে ৰাইজক “৪ লেন, ৬ লেন” যুক্ত ঘাইপথৰ সুবিধা প্ৰদান কৰা হৈছে বাবে কৰ আদায় দিব লাগে।

উল্লেখ কৰিব পাৰি যে অসমত ৬ খন কাৰ্যকৰী টোলগেট থকাৰ বিপৰীতে এন এইচ এ আইৰ চৰকাৰী ৱেবছাইটৰ মতে ৰাজ্যৰ ১১ খন টোলগেটৰ তালিকা আছে।

Related News