NORTHEAST NOW (Assamese)

অসমৰ ৪৭ বছৰীয়া মাইকী হাতীৰ মাংসৰে মিজোৰামত বৰভোজ

July 15, 2019 4:07 pm · এন ই নাও নিউজ
প্ৰাপ্ত ছবি।

অসমৰ পৰা কাম কৰোৱাবলৈ নিয়া লক্ষ্মী নামৰ হাতী এজনীৰ মাংসৰে ভোজ খোৱাৰ এটা ঘটনা সংঘটিত হৈছে মিজোৰামত।

কেইদিনমান পূৰ্বে হাতীজনীৰ মৃত্যু হোৱাত তাইৰ মাংস কাটি গাৱঁৰ লোকসকলে ভক্ষণ কৰে।

ঘটনাটোৰ ছবি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সমগ্ৰ কাণ্ডটো পোহৰলৈ আহে।

হাতীজনীক মিজোৰামৰ ক্বাস্থা বন সংমণ্ডলৰ কানমুন এলেকাত কামৰ বাবে অসমৰ পৰা নিয়া হৈছিল।

বিড়ম্বনাৰ কথাটো হৈছে, এনে ঘটনা ৰোধ, নিৰীক্ষণ বা সেই সন্দৰ্ভত গোচৰ দিয়াৰ বাবে মিজোৰামৰ বন বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী সেই স্থানত উপস্থিত হোৱা নাছিল।

অসমৰ কাছাৰ জিলাৰ সোণাইৰ জনৈক মঃ মাস্তুফা আহমেদ লস্কৰে মিজোৰামৰ কানমুনৰ জনৈক পু খুৱালহিনাক হাতীজনী ভাৰালৈ দিছিল।

মালিকী প্ৰমাণ পত্ৰ।

শিলচৰস্থিত বন সংৰক্ষক কাৰ্য্যালয়, দক্ষিণ অসম চক্ৰৰ পৰা ০১.০৯.২০০৯ চনত হাতীজনীৰ মালিকী প্ৰমাণ পত্ৰ জাৰি কৰা হৈছিল আৰু মালিকজনে “আইনী উত্তৰাধিকাৰ” দাবী কৰিছিল।

সেই মালিকীস্বত্ত্বৰ বৈধতা ২০১৪ চনৰ আগষ্টতে উকলি গ’ল।

স্থানীয় এজন শ্ৰমিকৰ মতে হাতীজনীৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে।

অঞ্চলটোৰ আশে-পাশে বাস কৰা লোকৰ পৰা পোৱা খবৰ মতে, অতি বেছিকৈ কাম কৰোৱাৰ ফলতে হাতীজনীৰ মৃত্যু ঘটিছে।

লক্ষণীয় কথাটো হৈছে, মিজোৰামত অসমৰ পৰা নিয়া আৰু বহু হাতী আছে, আৰু সেই আটাইবোৰকে অতি বেছিকৈ কামত খটুওৱা হৈ আছে আৰু সিহঁতৰ শাৰীৰিক অৱস্থা আৰু স্বাস্থ্য ভাল পুতৌজনক।

মিজোৰামৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনে সংশ্লিষ্ট ডি এফ অ’ক যোগাযোগৰ নিৰ্দেশ দিছিল, আৰু ডি এফ অ’ই হাতীজনীৰ পঞ্জীয়ন পত্ৰখন যোগান ধৰিছিল।

মালিকী প্ৰমাণ পত্ৰ।

প্ৰচলিত বিধি অনুসৰি, হাতী নিজ দখলত ৰখা যিকোনো ব্যক্তিয়ে তলৰ বিষয়বিলাকৰ ক্ষেত্ৰত নিৰ্দিষ্টকৈ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ২০০৮ চনত জাৰি কৰা নিৰ্দেশনাৱলীৰ লগতে একেটা মন্ত্ৰ্যালয়ে ২০১৭ চনৰ ২৯ ছেপ্তেম্বৰত জাৰি কৰা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২০ৰ অধীনৰ ৪২ ধাৰাৰ অধীনত হস্তী পুনৰবাসন/ উদ্ধাৰ কেন্দ্ৰ সম্পৰ্কীয় মানক/ নিয়মসমূহ মানি চলিব লাগে:

  • ঠাই আৰু আৱাসৰ সুবিধা
  • খাদ্য
  • কামৰ বোজা আৰু জিৰণি
  • স্বাস্থ্য যতনৰ সুবিধা
  • তথ্য সংৰক্ষণ
  • যিকোনো ধৰণৰ নৃশংসতাৰ পৰা সুৰক্ষা

মিজোৰামত এই সকলো বিধিৰ সৰ্বাংশ উলংঘনৰ ফলত ঘৰচীয়া হাতীজনীয়ে প্ৰাণ হেৰুৱাব লগা হ’ল।

লগতে পঢ়ক– হাতী চোৰাং বেপাৰীৰ নে’টৱৰ্কৰ গ্ৰাসত অসমকে ধৰি উত্তৰ-পূবৰ তিনি ৰাজ্য

Related News