NORTHEAST NOW (Assamese)

শিৱসাগৰত এটা বেংকৰ শাখাৰ স্থানক লৈ অসন্তুষ্ট বৃহৎ অঞ্চলৰ ৰাইজ; স্থানান্তৰৰ দাবী

December 6, 2021 12:47 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

বিগত ২০ বছৰ ধৰি গাঁৱৰ পৰিৱৰ্তে নগৰমহল মৌজাত আছে ভাৰতীয় ষ্টেট বেংকৰ দিচাংমুখ শাখাটো।

শিৱসাগৰৰ এছবিআইৰ এই শাখাটো বৃহত্তৰ দিচাংমুখ, বানমুখ, কাথপাৰা, কোঁৱৰপুৰ আদি গ্ৰাম্যঞ্চল সামৰি আজিৰ পৰা প্ৰায় ২০ বছৰৰ পূৰ্বে দিচাংমুখত আছিল।

কিন্তু ২০০২ চন মানত এই বেংকটো শিৱসাগৰ চহৰৰ জেঙনীকটীয়াৰ সমীপৰ প্ৰগতি চাৰিআলিলৈ স্থানান্তৰিত কৰা হয় আৰু তেতিয়াৰে পৰা একে স্থানতে আছে এই বেংকটো।

এতিয়া দিচংমুখ, পানবেচা, বানমুথ, কাথপাৰ আদি অঞ্চলৰ গঞা ৰাইজৰ দাবী যে  বেংকৰ এই শাখাটো নগৰ মহল মৌজাৰ পৰিৱৰ্তে দিচাংমুখ বা বানমুখলৈ স্থানান্তৰিত কৰিব লাগে।

Also Read: বিশ্বনাথত নকল পাঁচশ টকীয়া নোটসহ নকল টকা বনোৱা মেচিন, নকল সোণৰ মূৰ্তি জব্দ; দুজনক গ্ৰেপ্তাৰ

কিয়নো দিচাংমুখ কোঁৱৰপুৰ বা বানমুখৰ পৰা বৰ্তমান স্থানত থকা বেংকলৈ আহিবলৈ এই সকল ৰাইজৰ বহুত অসুবিধা হয়।

সেয়ে, গ্ৰাম্যঞ্চল ৰাইজৰ সুবিধাৰ বাবে এছবিআইৰ দিচাংমুখৰ শাখাটো বানমুখ বা দিচাংমুখলৈ স্থানান্তৰিত কৰিবলৈ বেংক কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে। 

Related News