NORTHEAST NOW (Assamese)
অসম

বিধেয়কৰ বিৰোধিতাৰ মাজতে ভোগালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী

Posted by: ৰাজীৱ দত্ত January 14, 2019 6:52 am
বিধেয়কৰ বিৰোধিতাৰ মাজতে ভোগালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী

নাগৰিকত্ব সংশোধনীয় বিধেয়ক ২০১৬ৰ বিৰোধিতাত সমগ্ৰ ৰাজ্যখনৰ পৰিবেশ উত্তাল হৈ আছে যদিও তাৰ মাজতে অসমীয়াৰ চেনেহৰ ভোগালী বিহুটোক আদৰাৰ ব্যাপক প্ৰস্তুতিও চলাইছে ৰাজ্যবাসীয়ে।

ৰাজ্যখনত পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি দিনা অৰ্থাৎ আজি পালন কৰা হ’ব ভোগালী বিহু। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ উপৰিও গৌৰীসাগৰ অঞঅচলৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ প্ৰস্তুতিক লৈ ব্যাপক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিলেও ভোগালীৰ আনন্দত যেন কোনেও বাধা দিব পৰা নাই। গৌৰীসাগৰ দৈনিক বজাৰত বিভিন্ন ঠাইৰ পৰা অহা শাকপাচলি উভেনদী হৈ পৰাৰ লগতে দিখৌমুখৰ ব্ৰহ্মপুত্ৰ আদিৰ চাপৰিৰ পৰা অহা গাখীৰ আৰু মাছ আদিৰ বাবে বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

আনহাতে গৌৰীসাগৰৰ সমীপৰ আইলাহাবি গাঁৱৰ ৰাইজেও ভোগালী বিহুটোক আদৰাৰ ব্যাপক প্ৰস্তুতিৰে সাজি উলিয়াইছে ৰংঘৰ আৰ্হিৰ এটা বৃহৎ ভেলাঘৰ। গাওঁখনৰ যুৱ সমাজৰ উদ্যোগত ঐতিহাসিক জেৰেঙা পথাৰৰ বুকুত সাঁজি উলিয়াইছে এছিয়াৰ প্ৰথমটো পেভেলিয়ন ৰংঘৰ আৰ্হিৰ উক্ত ভেলাঘৰটো। পোন্ধৰ দিনৰ পূৰ্বৰে পৰা নিৰ্মাণ কাৰ্য চলোৱা উক্ত ভেলাঘৰটোৰ উপৰিও যুৱ সমাজে সাঁজি উলিয়াইছে এটা বৃহৎ মেঁজি।

গাওঁখনৰ এশ ঘৰতকৈ অধিক পৰিয়ালে উৰুকা নিশা মেজিৰ ভোজ ভাত খোৱাৰ পিছত পৰম্পৰাগত বিভিন্ন খেল-ধেমালি আদিও পুৰুষ-মহিলা, ল’ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত কৰাৰ বাবেও প্ৰস্ততি চলাইছে।