NORTHEAST NOW (Assamese)
অসম

অসমৰ ছবছৰীয়া অৰুজ্জ্বলে দিয়াচলাই কাঠিৰে সাজিলে ক্ষুদ্ৰাকৃতিৰ ৰাৱণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 11:55 am
a boy

ক’ৰ’ণাতংকৰ বাবে এইবাৰ সমগ্ৰ দেশ জুৰি দুৰ্গা পূজাৰ মাদকতা ম্লান পৰিছে।

ক’ৰ’ণাৰ ভয়তে বহুতেই পূজা চাবলৈ ঘৰৰ বাহিৰ হোৱা নাই।

দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অংগ হৈছে ৰাৱণ দাহন।

ক’ৰ’ণাতংকৰ বাবে ঘৰৰ বাহিৰলৈ যাব নোৱাৰা অসমৰ এটি ছবছৰীয়া শিশুৱে ঘৰতে থাকি ৰাৱণ দাহনৰ অভিজ্ঞতা লভিলে।

শিশুটিৰ নাম অৰুজ্জ্বল ভাৱাৰ্নভ। অৰুজ্জ্বলে ঘৰতে দিয়াচলাইৰ কাঠিৰে সাজি উলিয়ালে এটা ক্ষুদ্ৰাকৃতিৰ ৰাৱণ।

সেই ক্ষুদ্ৰাকৃতিৰ ৰাৱণকেই ঘৰৰ আটাইৰে সৈতে মিলি অৰুজ্জ্বলে দাহ কৰিলে।

ছবছৰীয়া শিশুটিৰ এনে সৃষ্টিশীল চিন্তাক বহুতে প্ৰশংসা কৰা দেখা গৈছে।

শিশুটিৰ মাক মিণ্টি ৰাণী দাসে প্ৰকাশ কৰা মতে অৰুজ্জ্বলৰ নিজাকৈ  এটা ইউটিউব চেনেলো আছে।

পুত্ৰই ৰাৱণ দাহৰ কথা কৈ থকাত তেওঁক ঘৰতে এটা ৰাৱণ তৈয়াৰ কৰাৰ কথা কোৱা হ’ল।

সেইমতে শিশুটিয়ে দিয়াচলাই কাঠিৰে ক্ষুদ্ৰাকৃতিৰ ৰাৱণ সাজি উলিয়ায়।

মিণ্টিৰাণী দাসে পুত্ৰই সাজি উলিওৱা ক্ষুদ্ৰাকৃতিৰ ৰাৱণ দাহনৰ ভিডিঅ’ও টুইটাৰত প্ৰকাশ কৰিছে।ভিডিঅ’টো চাই বহুতে অৰুজ্জ্বলৰ সৃষ্টিশীলতাৰ শলাগ লৈছে।