NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত খোৱা পানীৰ নামত বৰ বিহ বিক্ৰী “পাৱাৰ ইণ্ডিয়া” নামৰ ব্যৱসায়িক প্রতিষ্ঠানৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ August 20, 2020 8:07 pm
Screenshot_20200820_181657

পেকেজ ড্ৰিংকিং মিনাৰেল ৱাটাৰৰ নামত একাংশ ব্যৱসায়ীয়ে আপোনাক খুৱাই আছে বৰ বিহ।

মাৰ্ঘেৰিটাৰ এগৰাকী কেন্সাৰ ৰোগীক চিকিৎসকে ৰোগী গৰাকীৰ অস্ত্ৰোপচাৰৰ পাছত ড্ৰিংকিং ৱাটাৰ খাবলৈ পৰামৰ্শ দিছিল আৰু সেই মৰ্মে কিছুদিনৰ পৰা মাৰ্ঘেৰিটা চেগুনবাৰীৰ তিনিআলিস্থিত “পাৱাৰ ইণ্ডিয়া” নামৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ পৰা খোৱা পানী ক্ৰয় কৰি খাই আহিছিল।

কিন্তু খোৱা পানীৰ নামত বিষাক্ত শেলুৱৈ-গেদ যুক্ত পানী বটলত বিক্ৰী কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।

ইতিমধ্যই ৰোগী গৰাকীৰ স্বামীয়ে ইয়াৰ পূৰ্বেও উক্ত প্ৰতিষ্ঠানটোৰ পৰা ৫০ লিটাৰ বটল ক্ৰয় কৰি কেন্সাৰ ৰোগী পত্নী গৰাকীক খাবলৈ দি আহিছিল যদিও আজি এই ঘটনা পোহৰলৈ আহে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰু বহুকেইগৰাকী ভুক্তভোগী লোকে “পাৱাৰ ইণ্ডিয়া” নামৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে।

এই সম্পৰ্কে মাৰ্ঘেৰিটা আৰক্ষী থানাত ভুক্তভোগী দিপেন বুঢ়াগোঁ‌হাইয়ে এটা গোচৰো দাখিল কৰিছে।

অনা অসমীয়া ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰি অসমীয়া ৰাইজকে বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ সদৃশ পানী বিক্ৰী কৰি অহা এনে প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মাৰ্ঘেৰিটাৰ সচেতন ৰাইজে।