NORTHEAST NOW (Assamese)

সম্প্ৰীতিৰ নিদৰ্শনেৰে কাৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ শিৱসাগৰবাসীৰ

January 23, 2020 7:37 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: January 23, 2020 7:40 am
ফটো : নৰ্থ-ইষ্ট নাও

দেশত শাসনাধিষ্ঠ বিজেপি চৰকাৰে হিন্দু-মুছলমানৰ মাজত কৰা ৰাজনীতিক প্ৰত্যাহ্বান জনাই সম্প্ৰীতিৰ নিদৰ্শনেৰে বুধবাৰে কাৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসী ৰাইজে।

“কা” বাতিলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সুমতি বিচাৰি হিন্দু-মুছলমানৰ পুৰুষ-মহিলা একত্ৰ হৈ চাকি জ্বলালে ঐতিহাসিক শিৱদ’লত ৷

ইয়াৰ পিছতে একেইখিনি প্ৰতিবাদকাৰীয়ে মম জ্বলাই দোৱা কৰিলে সদৰ মছজিদত।

নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ সুমতি বিচাৰি শিৱদ’লত পাঁচ গচি চাকি আৰু মছজিদত পাঁচদাল মম জ্বলাই ৰাইজে জয় আই অসম ধ্বনি দি “কা” বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম চলাই যোৱাৰ হুংকাৰ দিয়ে।

ঐতিহাসিক শিৱদ’ল, সদৰ মছজিদত প্ৰাৰ্থনা আৰু দোৱা কৰাৰ পাছত ৰাইজে হাতে হাতে ক’লা পতাকা লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল উলিয়ায়।

বিজেপি চৰকাৰ হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, হিমন্ত বিশ্ব হায় হায়, “কা” আমি নামানো আদি ধ্বনিৰে উত্তাল কৰে ঐতিহাসিক শিৱসাগৰ চহৰ।

Related News