NORTHEAST NOW (Assamese)
অসম

নগাঁও-কাৰ্বিআংলং সীমান্তৰ হাতীখলি ৰংহাংত বনৰীয়া হাতীলৈ কৰা ২০০ বিঘা ধান ভক্ষণ কৰিলে হাতীয়ে

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা November 19, 2019 8:39 pm
pray for elephant

সীমান্তত হস্তীভোগ প্ৰদানৰে বনৰীয়া হাতীলৈ অন্তিম বাৰৰ বাবে খাদ্য আগবঢ়ালে হাতীখলি ৰংহাং গাঁৱৰ গঞাঁ ৰাইজে।

নগাঁও-কাৰ্বিআংলং সীমান্তৰ হস্তী দণ্ডিত স-সন্মানৰে অৰ্ধশতাধিক কলগছ, কলৰ আশী, বুট-মগু, পাঁচ বিধ ফলাহাৰকে আদি কৰি ধূপ-দীপ-পুষ্প আগবঢ়োৱাৰ লগতে কাৰ্বি জনগোষ্ঠীয় গনেশ বন্দনাৰে মুখৰিত কৰি অনুষ্ঠিত কৰা মাংগলিক অনুষ্ঠানৰ জৰিয়তে হাতীৰ প্ৰতি থকা অগাধ মৰম তথা ভক্তি পুনৰবাৰ প্ৰমাণ কৰি দেখুওৱালে ৰংহাংবাসীয়ে।

গুৱাহাটীৰ প্ৰদীপ ভূঞা আৰু “হাতীবন্ধু”-ৰ উদ্যোগত তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাত নিৰ্মূল কৰিবলৈ কৰা প্ৰায় ২০০ বিঘাৰ ধান খেতি বনৰীয়া হাতীৰ জাকে খাই সম্পূৰ্ণৰূপে অন্ত পেলোৱাত ৰংহাং বাসী ৰাইজে হাতীৰ খাদ্য হিচাবে শেষ বাৰলৈ পথাখনৰ দাঁতিত আধ্যাত্মিক ভাবে পৰম্পৰাগত ভোগ আগবঢ়ায়।

তেওঁলোকৰ মতে, বিগত ২৬ দিনত বনৰীয়া হাতীৰ জাকক পাহাৰৰ পৰা ভৈয়ামৰ পথাৰলৈ নামি যাবলৈ নিদি ৰংহাংৰ ২০০ বিঘাৰ ধাননিত খাদ্য দিয়াৰ ব্যৱস্থা কৰাৰ সময়ত হাতীৰ ওচৰত অবোধ মানুহৰ অনেক ভুল-ভ্ৰান্তি হ’ব পাৰে, অজানিতে হোৱা সেই সকলোবিলাক দোষ হস্তী স্বৰূপ গনেশ দৱতাই ক্ষমা কৰি আগন্তুক দিনত হাতীখলি-ৰংহাং অঞ্চলত বনৰীয়া হাতীয়ে যেন কোনো ক্ষয়-ক্ষতি নকৰি উন্নতিৰ দিশত অঞ্চলটোক আগবাঢ়ি যাবলৈ দিয়ে তাৰ বাবে কৃষিকাৰ্যৰ শেষত পৰম্পৰাগত হস্তীভোগ আগবঢ়োৱা হ’য়।

আনহাতে, ৰংহাং গাঁৱৰ এই বিশেষ পথাৰ খনৰ নিচেই কাষতে সমাপন কৰা মাংগলিক অনুষ্ঠানটোতে দুলু বৰা সহ গাওঁ খনৰ একাংশ ৰাইজে অহা বছৰো একে স্থানতে ভৈয়ামৰ কৃষকে ধান চপোৱাৰ সময়ত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবলৈ কৃষিকাৰ্য্য কৰা হ’ব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়।

উল্লেখযোগ্য যে, মানুহ আৰু বনৰীয়া হাতীৰ সহৱস্থানৰ বাবে কৰা কৃষিকৰ্মৰ বাবে বৃহত্তৰ অঞ্চলটোত বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাত নিঃশেষ হয়।,

বন্যহস্তী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰংহাংবাসীয়ে কৰা ব্যতিক্ৰমী কৃষিকাৰ্য্যৰ প্ৰতিটো বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাৰ ফলশ্ৰুতিত এতিয়া বিষয়টো দেশৰ বিভিন্ন লোকৰ দৃষ্টিগোচৰ হৈছে।

আগন্তুক দিনত বিভিন্ন স্থানৰ জনসাধাৰণে ৰংহাং বাসীৰ দৰে উদাহৰণমূলক কাৰ্য্যপন্থা হাতত লোৱাৰ সম্ভাৱনা আছে যদিও ৰাজ্যৰ বিয়াগোম বনবিভাগে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে এনেদধৰণৰ পন্থা হাতত ল’ব নে সেয়া লক্ষ্যণীয় হ’ব।