NORTHEAST NOW (Assamese)

কোভিড-১৯ৰ চিকিৎসা কৰোৱাবলৈ অসন্মত হোৱা জনে যাব লাগিব জে’ললৈ

July 8, 2020 8:00 pm · এন ই নাও নিউজ
Updated: July 8, 2020 8:02 pm

 

বিশ্বজুৰি এতিয়া মহামাৰী ক’ৰ’ণাৰ আতংক। ক’ৰ’ণা ভাইৰাছে সৰ্বাধিক ক্ষতি কৰা দেশ সমূহৰ ভিতৰত ইটালীও এখন।

ইটালীত এতিয়ালৈকে ২,৪১,৮১৯ গৰাকী লোক ক’ৰ’ণা  ভাইৰাছত আক্ৰান্ত হৈছে।

ক’ৰ’ণা ভাইৰাছে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ৩৪,৮৬৯ গৰাকী।

এনে সময়তে ইটালীৰ এটা অঞ্চল আপাততঃ ক’ৰ’ণাৰ সংক্ৰমণৰ পৰা ভালেখিনি হাত সাৰি আছে।

অঞ্চলটো হৈছে ভেনেট’।বিশ্ব বিখ্যাত ভেনিচ চহৰ ইয়াতেই অৱস্থিত।

যিটো সময়ত ইটালীৰ আন বহু ঠাইত ক’ৰ’ণা ভাইৰাছে নৰসংহাৰ চলাইছে সেই সময়ত ভেনেট’ অঞ্চলত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা মাত্ৰ ১৬৯ গৰাকী।

ভেনেট’ৰ প্ৰশাসনে অঞ্চলটোক ক’ৰ’ণাৰ পৰা বচাই ৰাখিবলৈ পাৰ্যমানে চেষ্টা অৱ্যাহত ৰাখিছে।শেহতীয়াকৈ ভেনেট’ৰ প্ৰশাসনে এখন বিশেষ বিধেয়ক গৃহীত কৰিছে।

বিধেয়ক খন অনুসৰি ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত কোনো লোকে যদি চিকিৎসা গ্ৰহণ কৰিবলৈ অসন্মত হয় তেন্তে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।

ভেনেট’ৰ গভৰ্ণৰ লুকা জাইয়াই প্ৰকাশ কৰা মতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত কোনো লোকে যদি চিকিৎসা গ্ৰহণ কৰিবলৈ অসন্মত হয় তেন্তে তেনে লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হব।

কোনো লোকে যদি অসতৰ্কতাৰ জৰিয়তে ৰোগ বিয়পায়  তেনে লোকক  ১২ বছৰৰ আৰু কোনো লোকে জানি বুজি ইচ্ছাকৃত ভাবে ৰোগ বিয়পালে তেনে লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হব।

Related News