NORTHEAST NOW (Assamese)
অসম

সদ্যপ্ৰয়াত বামপন্থী নেতাৰ স্মৃতিচাৰণ: মুহি বৰুৱাৰ সংগ্ৰামী জীৱন পৰিক্ৰমা আছিল অনুকৰণীয় আৰু প্ৰেৰণাদায়ক

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ December 7, 2020 12:30 pm
IMG-20201206-WA0015

সদ্য প্ৰয়াত বিশিষ্ট সমাজকৰ্মী তথা শ্ৰমিক নেতা কমৰেড মুহি বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হৈ যায়। বামপন্থী নেতা গৰাকীৰ জন্মস্থান কোৱামৰা সত্ৰত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠানৰ।

অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে ডেকা সত্ৰাধিকাৰ মনোজ মহন্তই। বৃক্ষ ৰোপণ কৰে দন্দী বৰুৱা, দেহিৰুদ্দিন আহমেদ আৰু নৱাব আলিয়ে। অনুষ্ঠানত পাল্কী প্ৰিয়া আত্ৰী, হেমন্ত বড়া, ইউচুফ আলি আৰু নিৰজ গগৈয়ে গীত পৰিৱেশন কৰাৰ লগতে পুস্পলতা চেতিয়া গগৈয়ে কবিতা পাঠ আৰু মঞ্জু ভূঞাই বৰগীত পৰিৱেশন কৰে।

সাংস্কৃতিক কৰ্মী ৰৌচন আলিয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী তথা প্ৰবীণ কমিউনিষ্ট, শ্ৰমিক নেতা মুহি বৰুৱাৰ স্মৃতিত তেওঁৰ জীৱন দৰ্শন আৰু কৰ্মৰাজি সামৰি গুণসাগৰ নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট নিবন্ধকাৰ, শিক্ষক তথা সমাজকৰ্মী চামচুল বাৰিকে।

অনুষ্ঠানত চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয়, মুহি বৰুৱাই প্ৰকৃততে মাক্সীয় দৰ্শনৰ গভীৰতালৈ সোমাব পাৰিছিল বাবেই এজন সৎ নিকা আদৰ্শনিষ্ঠ মানৱদৰদী সংগঠক আৰু কৰ্মশীল জনগণৰ নেতা হ’ব পাৰিছিল ৷ তেখেতে সদায়ে শ্ৰমজীৱী কৃষিজীৱী জনতাৰ মুক্তি কাৰণে কমিউনিষ্ট সংগ্ৰামত অৱতীৰ্ণ হৈছিল আৰু সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান সমূহ গঢ়ি তোলাত আগভাগ লৈছিল।

আনহাতে, চি পি আই ৰাজ্যিক নেতা ধৰ্ম বৰুৱাই কয় যে মুহি বৰুৱাৰ সংগ্ৰামী জীৱন পৰিক্ৰমা আছিল অনুকৰণীয় আৰু প্ৰেৰণাদায়ক ৷ তেখেতে মাৰ্ক্সীয় দ্বন্দ্বমূলক বস্তুবাদী দৰ্শনৰ ভাৱধাৰা গ্ৰহণ কৰি এখন শোষণমুক্ত সমাজ প্ৰতিষ্ঠাৰ অবিৰত সংগ্ৰামত জড়িত হৈ পৰিছিল ৷ তেখেত এজন অতি সাহসী কমৰেড আছিল বুলিও তেওঁ কয় ৷ অসম আন্দোলনৰ সময়ত আৰু ৰজাবাৰীৰ বাছ দুৰ্ঘটনাৰ সময়ত এনে সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল বুলি কয় ৷

বিশিষ্ট বুৰঞ্জীবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন বৰপাত্ৰগোহাঁইয়ে তেখেতক এগৰাকী ত্যাগী পুৰুষ আৰু মহৎ ব্যক্তি বুলি অভিহিত কৰে ৷ অসৎ মানুহো  মুহি বৰুৱাৰ সান্নিধ্যই সৎ কৰিব পৰা গুণৰ অধিকাৰী আছিল বুলি কয় ৷

প্ৰবীণ কমিউনিষ্ট নেতা ফণী চেতিয়াই সভাপতিত্ব কৰা স্মৃতিচাৰণ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে যুৱ নেতা অনুপ গগৈয়ে।

ইয়াৰ উপৰিও শিৱসাগৰ ছোৱালী কলেজৰ প্ৰবক্তা প্ৰবীণ শৰ্মা, সমাজকৰ্মী পোনা চাংমাই, চিকণ আলি, শিল্পী হেমন্ত বড়া, সাংবাদিক সন্থাৰ সভাপতি সোমেশ ডেকাকে ধৰি ভালেকেইজন ব্যক্তিয়ে মুহি বৰুৱাৰ গুণানুকীৰ্তন কৰে ৷