NORTHEAST NOW (Assamese)

কোনকেইটা ব্লাড গ্ৰুপৰ লোক কৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি আৰু কম, জানো আহক!

May 11, 2021 12:08 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

‘এবি’ আৰু ‘বি’ ব্লাড গ্ৰুপ থকা লোকসকলৰ কৰোণাত আক্ৰান্ত হোৱা সম্ভাৱনা অনেক বেছি।

‘দ্যা কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ’ৰ (চিএছআইআৰ) এক গৱেষণাপত্ৰত এই দাবী কৰা হৈছে।

দেশজুৰি কৰা চাৰ্ভেৰ অন্তত চিএছআইআৰে এই দাবী কৰিছে।

গৱেষণাটোত অংশ লৈছিল ১৪০জন চিকিৎসকে।

চিকিৎসককেইজনে ১০ হাজাৰৰো বেছি লোকৰ তেজৰ নমুনা পৰীক্ষা কৰি এই তথ্য লাভ কৰিছে।

তাত দেখা পোৱামতে, কৰোণাত আক্ৰান্তসকলৰ বেছিভাগৰেই তেজৰ গ্ৰুপ ‘এবি’।

তাৰপাছতে আছে ‘বি’ গ্ৰুপৰ লোকসকল।

আনহাতে ‘অ’ গ্ৰুপৰ লোকসকল আক্তান্ত হোৱা সম্ভাৱনা একেবাৰে কম।

গৱেষণাটোত আৰু কোৱা হৈছে যে যিসকলে নিৰামিষ আহাৰ খায়, তেওঁলোকৰ কৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম।

আনকি কৰোণাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছতো নিৰামিষ খাদ্য খাবলৈ উপদেশ দিয়া হৈছে গৱেষণাটোত।

Related News