NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনৰ দিনা মুখ্য মন্ত্ৰীৰ গৃহ পঞ্চায়তৰ ৰাইজৰ অনশনত বহাৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ November 25, 2018 10:54 am
Panchayat-elections-750x375

আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে চাবুৱা তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ ৭ আৰু ৮ নং ৱাৰ্ডৰ ৰাইজে নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তত অটল হৈ আছে।

দুয়োটা ৱাৰ্ডৰ ৰাইজৰ আহ্বানত সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পিছত এখন ৰাজহুৱা সভাত অহা ৫ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ দিনা দুয়োটা ভোট কেন্দ্ৰতে ৰাইজে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ১৪ নৱেম্বৰত দধিয়াবাসীয়ে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে মুখ্য মন্ত্ৰী সোণোৱালে মন্ত্ৰী নৱ দলেক স্থানীয় ৰাইজৰ সৈতে বিষয়টো আলোচনা কৰি মীমাংসা কৰিব বাবে পঠাইছিল। কিন্তু মন্ত্ৰী নৱ দলে আৰু স্থানীয় ৰাইজৰ মাজৰ আলোচনা বিফল হ’ল। ইয়াৰ পিছত পুনৰ ২২ নৱেম্বৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সতে আলোচনা হৈছিল যদিও এই আলোচনাও বিফল হয়।

স্থানীয় ৰাইজে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজে আহি তেওলোকৰ লগত আলোচনা কৰি স্থানীয় ৰাইজৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে। যিহেতু দধিয়াবাসীয়ে দীৰ্ঘদিনৰে পৰা লাঞ্ছনা আৰু বঞ্চনাৰ সন্মুখীন হৈ আহিছে।

ইফালে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে  জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ প্ৰতিবাদক নেওচি কেনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিব তাক লৈ প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ মূৰৰ কামোৰণি সৃষ্টি হৈছে।