NORTHEAST NOW (Assamese)

অসম বন্ধলৈ ৰাইজৰ সমৰ্থন দেখি চৰকাৰৰ নিদ্ৰাহৰণ হৈছে : কৃষক মুক্তি

October 22, 2018 7:33 pm · পুলেন্দ্ৰ দাস
Updated: October 22, 2018 7:40 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত ৪৬টা সংগঠনৰ সহযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে আহ্বান জনোৱা অসম বন্ধলৈ ৰাইজৰ ব্যাপক সঁহাৰি দেখি চৰকাৰৰ নিদ্ৰাহৰণ হৈছে ৷ এই মন্তব্য আগবঢ়াইছে কৃষক মুক্তিৰ অন্যতম নেতা তথা বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক দণ্ডীনাথ বৰ্মনৰ ৷

অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি বৰপেটাত ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে নেতা গৰাকীয়ে।  অসম বন্ধ বিফল কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ কৰে বৰ্মনে ৷

উল্লেখ্য যে,  জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবা শতাধিক সমৰ্থকে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ  সমীপৰ মিলেনিয়াম পাৰ্কত একত্ৰিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰা নেতা কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰে জাপি দিব বিচৰা সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰে। অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল নকৰিলে বৃহত্তৰ অসমীয়া ৰাইজে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

ধৰ্ণা কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সভাপতিদ্বয় নিৰঞ্জন ৰয়, ৰফিকুল ইছলাম যুটীয়া সম্পাদক কাজী নাজিমূল হকৰ লগতে কেইবা গৰাকী নেতা উপস্থিত থাকে ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে  দেশৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে>

Related News