NORTHEAST NOW (Assamese)
অসম

অচলাৱস্থাৰ অৱসান; চলিত মাহতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী উপাচাৰ্য নিযুক্তি

Posted by: এন ই নাও নিউজ October 1, 2018 10:37 pm
CM-Bodoland University 2

অৱশেষত স্থায়ী উপাচাৰ্য নিযুক্তিক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থা অৱসান ঘটাই এই মাহতে মাহৰ ভিতৰতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্থায়ী উপাচাৰ্য নিযুক্ত কৰা হ’ব।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্থায়ী উপাচাৰ্য নিযুক্তিকে ধৰি বিভিন্ন সমস্যা সম্পৰ্কত আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বিশ্ববিদ্যালয়খনৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এক বৈথকত চলিত অক্তোবৰ মাহৰ ভিতৰতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাবে এগৰাকী স্থায়ী উপাচাৰ্য নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি সদৰী কৰে

তদুপৰি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক, অধ্যাপক নিযুক্তিকে ধৰি সকলো ধৰণৰ নিযুক্তি নোহোৱা পৰ্যন্ত এগৰাকী তত্তাৱধায়ক উপাচাৰ্য নিযুক্তিৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগত আলোচনা কৰিবলৈ শিক্ষা বিভাগৰ প্ৰধান সচিব মণিন্দৰ সিঙক নিৰ্দেশ দিয়ে।

আজিৰ এই বৈঠকত পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তপন কুমাৰ গগৈ, সাংসদ বিশ্বজিৎ দৈমাৰী, কোকৰাঝাৰ জিলাৰ উপায়ুক্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।