NORTHEAST NOW (Assamese)
অসম

এম জি ভি কে ভানুকে ধৰি কেইবাজনক ‘শূন্য সহনশীল বঁটা, ২০১৮’ প্ৰদান কৰিব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে

Posted by: কল্পজ্যোতি শইকীয়া September 21, 2018 5:39 pm
Suinyo Sahanshil Bota

অহা ৮ আৰু ৯ ডিচেম্বৰত ‘বিশ্ব দুৰ্নীতি বিৰোধী দিৱস’ৰ সৈতে সংগতি ৰাখি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে লখিমপুৰত ‘শূন্য সহনশীল বঁটা ২০১৮’ প্ৰদান কৰাৰ কথা আজি এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে সভাপতি ধৰ্মকান্ত গগৈয়ে।

উল্লেখ্য যে, এই বঁটাৰ বাবে ইতিমধ্যে দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে বিভিন্ন স্তৰৰ ৭জন ব্যক্তিক নিৰ্বাচন কৰি উলিয়াইছে। সেইকেইজন হ’ল ক্ৰমে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, ৰেইলৱেৰ বিশেষ সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথন, আৰ টি আই কৰ্মী দুলাল বৰা, অসমীয়া প্ৰতিদিন কাকতৰ শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক কবিৰ শইকীয়া, আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতী, প্ৰাগ নিউজৰ সাংবাদিক বিতোপন বৰা, নিউজ ১৮ অসম, নৰ্থ-ইষ্টৰ সাংবাদিক বলেন ভট্টাচাৰ্য্য।

অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ২০১৪ চনৰ চেপ্তেম্বৰ মাহত দুৰ্নীতি বিৰোধী আইন Section-7 ৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা দিছিল তথা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক আটকৰ ক্ষেত্ৰত এইজন বিষয়াৰ বহুখিনি অৰিহণা আছে। সেয়েহে দুৰ্নীতি বিৰোধী শক্তি অসমে এইগৰাকী প্ৰাক্তন বিষয়াক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে বুলি সংবাদমেলত ধৰ্মকান্ত গগৈয়ে জানিবলৈ দিয়ে।

তাৰোপৰি ৰেইলৱেৰ বিশেষ সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনে দুৰ্নীতি বিৰোধী আইন Section-7 ৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা দিছিল যেতিয়া তেওঁ চি আই ডি আৰু দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল। সেয়েহে দুৰ্নীতি বিৰোধী শক্তি অসমে এইগৰাকী বিষয়াকো এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে বুলি সংবাদমেলত ধৰ্মকান্ত গগৈয়ে জনায়। 

ইফালে আৰ টি আই কৰ্মী দুলাল বৰাই ৰাজ্যৰ বিভিন্ন বিভাগৰ দুৰ্নীতি যেনে সাৰদা কেলেংকাৰিৰ ফাইল হৰণলুকি, এ পি এছ চি কেলেংকাৰি তথা সমাজ কল্যাণ বিভাগৰ কেলেংকাৰি উদঙাই চৰকাৰক দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ পূৰ্ণ সহযোগ আগ বঢ়োৱাৰ বাবে তেওঁক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি ধৰ্মকান্ত গগৈয়ে সংবাদমেলত জনায়।

আনহাতে, স্বাস্থ্য বিভাগৰ ভেজাল দৰব আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰিৰ ক্ষেত্ৰত বিভিন্ন তথ্য সহকাৰে প্ৰতিবেদন প্ৰকাশ কৰা তথা সাধাৰণ ৰাইজক স্বাস্থ্য সম্পৰ্কত সজাগ কৰি তোলাৰ বাবে কবিৰ শইকীয়া, নিপা কাকতী, বিতোপন বৰা আৰু বলেন ভট্টাচাৰ্য্যক নিৰ্বাচিত কৰি উলিয়াইছে।

উক্ত বঁটাৰ সৈতে নগদ ১০ হাজাৰ টকাৰ মাননী, এখন তাম্ৰপত্ৰ, সম্বৰ্ধনা পত্ৰ, সঁফুৰা, চেলেং, জাপি আৰু গামোচা থাকিব।