NORTHEAST NOW (Assamese)

সাংবাদিকৰ নকল পৰিচয় পত্ৰৰে অবৈধ সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত ভুৱা সাংবাদিক

July 27, 2021 4:40 pm · ৰিদীপ শৰ্মা
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ নিয়মীয়া তালাচীত সুৰাসহ জব্দ কৰা হৈছে এখন বাহন।

আৰক্ষীৰ তালাচীত মহিলাসহ তিনিগৰাকী ব‍্যক্তিক আটক কৰি আৰক্ষীয়ে ইতিমধ‍্যে সোধা-পোছা অব‍্যাহত ৰাখিছে।

আটকাধীন এগৰাকী ব‍্যক্তিয়ে তালাচীৰ সময়ত সাংবাদিকৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই বাচিবলৈ চেষ্টা কৰে।

তেজপুৰৰ উৎপল কুমাৰ কাকতি নামৰ ব‍্যক্তিগৰাকীয়ে জৰ্নেলিষ্ট ফেডাৰেচন অৱ আছামৰ কাৰ্য‍্যালয় সাংবাদিক বুলি পৰিচয় দিয়ে।

পৰৱৰ্তী সময়ত তেজপুৰৰ জাফাৰ বিষয়ববীয়াৰে যোগাযোগ কৰাত কাকতিৰ সাংবাদিকৰ পৰিচয় ভূৱা বুলি প্ৰমাণিত হয়।

কলিয়াবৰৰ এখন সুৰাৰ বিপনীৰ পৰা অবৈধভাবে সুৰা ক্ৰয় কৰি আনিছিল ভূৱা সাংবাদিক জনে।

ভূৱা সাংবাদিকজনৰ লগতে আটক কৰা আন দুগৰাকী ব্যক্তি হৈছে ক্ৰমে কমল চন্দ্ৰ দাস আৰু দময়ন্তী দাস।

আৰক্ষীয়ে আটক কৰা মাৰুতি ৱাগন আৰ বাহনখনৰ পঞ্জীয়ন নং এ এছ ০১ কে ১৭৯৯।

Related News