NORTHEAST NOW (Assamese)

শাস্তিদানৰ পূৰ্বে মৃত্যু হ’লে তিনিদিন ফাঁচীকাঠত ওলোমাই ৰখা হ’ব পাৰভেজ মুশ্বাৰফৰ মৃতদেহ

December 20, 2019 6:07 pm · এন ই নাও নিউজ
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ।

আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী হোৱাৰ পূৰ্বে যদি পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু হয়, তেতিয়াহ’লে তেওঁৰ মৃতদেহ তিনিদিন ধৰি ফাঁচীকাঠত ওলোমাই ৰখা হ’ব।

বৃহস্পতিবাৰে পাৰভেজ মুশ্বাৰফৰ বিৰুদ্ধে আদালতে দিয়া বিতং ৰায়টোত এই নিৰ্দেশ দিয়া হৈছে।

যোৱা মঙলবাৰে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত মুশ্বাৰফক দোষী সাৱ্যস্ত কৰি এখন তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে মৃত্যুদণ্ডৰ ৰায় দিয়ে।

বৃহস্পতিবাৰে বিতং ৰায়টোত কোৱা হৈছে,’’পৰ্যবেক্ষণৰ পাছত আমি প্ৰতিটো অভিযোগত অভিযুক্তক দোষী সাৱ্যস্ত কৰিছো। এনে অপৰাধৰ বাবে তেওঁৰ মৃত্যুদণ্ডই উচিত শাস্তি। শাস্তিৰ পূৰ্বে যদি তেওঁৰ মৃত্যু হয়, তেনেহ’লে তেওঁৰ মৃতদেহ ইছলামাবাদৰ চেন্ট্ৰেল স্কোৱেৰলৈ টানি আনি তিনিদিনলৈ ফাঁচীকাঠত ওলোমাই ৰখা হ’ব।‘’

আদালতৰ এনে ৰায়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে এয়া ব্যক্তিগত আক্ৰোশৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।

বৰ্তমান ডুবাইৰ এখন হাস্পাতলত চিকিৎসাধীন হৈ থকা মুশ্বাৰফে দিয়া এক অডিঅ’ বাৰ্তাত আদালতৰ ৰায়টোক সন্দেহজনক বুলি ব্যক্ত কৰিছে। সংবিধান অনুসৰণ কৰি এনে ৰায় দিয়া হোৱা নাই বুলি তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে ১৯৯৯চনৰ পৰা ২০০৮ চনলৈকে পাকিস্তানৰ শাসনভাৰ চম্ভালিছিল পাৰভেজ মুশ্বাৰফে।

কাৰ্গিল যুদ্ধত পৰাজিত হোৱাৰ পাছতে তদানীত্বন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফক অঁতৰাই তেওঁ ক্ষমতা দখল কৰিছিল।

২০০২চনত ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি সেনা প্ৰধানৰ দায়িত্ব এৰি দিবলৈ পাৰভেজ মুশ্বাৰফে অস্বীকাৰ কৰিছিল।

২০০৭ বৰ্ষত মুশ্বাৰফৰ বিৰুদ্ধে বহুকেইটা গোচৰ দাখিল হোৱাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক তেওঁ বৰ্খাস্ত কৰিছিল।

ইয়াৰ পাছতে মুশ্বাৰফৰ বিৰুদ্ধে দেশত বিক্ষোভ আৰম্ভ হয় আৰু অৱশেষত বাধ্য হৈ তেওঁ ক্ষমতাৰ পৰা বিদায় ল’বলৈ বাধ্য হয়।

Related News