NORTHEAST NOW (Assamese)
Popular Stories

খাৰুৱা তেলৰ মূল্য : বিশ্বজুৰি হোৰাহোৰে কমিছে, ভাৰতত হোৰাহোৰে বাঢ়িছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2021 3:25 pm
খাৰুৱা তেলৰ মূল্য : বিশ্বজুৰি হোৰাহোৰে কমিছে, ভাৰতত হোৰাহোৰে বাঢ়িছে

যোৱা ছয়দিনত খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি তীব্ৰভাৱে হ্ৰাস পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত খাৰুৱা তেলৰ মূল্য শুকুৰবাৰে প্ৰতি বেৰেলত ৫৯.৯৭ ডলাৰলৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ ভিতৰতে বেছিসংখ্যক খাৰুৱা তেলৰ আমদানী হয়।

ইউৰোপত পুনৰ আৰম্ভ হোৱা ক’ভিড-১৯ সংক্ৰমণ আৰু লকডাউনৰ বাবে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে।

কিন্তু তাৰ অনুপাতে ভাৰতত এতিয়াও পেট্ৰল আৰু ডিজেলৰ মূল্য বাঢ়ি গৈয়েই আছে।

মাৰ্চৰ পৰা ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ইন্ধনৰ মূল্য বৃদ্ধি কৰা নাই যদিও, কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দেশজুৰি আকাশলংঘী হৈ পৰিছে।

দিল্লীত বৰ্তমান এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯১.১৭ টকা, যিটোৱে দেশৰ ৰাজধানীখনত সৰ্বকালৰ চৰা দামৰ অভিলেখ সৃষ্টি কৰিছে।

আনহাতে, মুম্বাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৫৭ টকা চুইছেগৈ।

কলকাতা, বেংগালুৰু, চেন্নাই, হায়দৰাবাদকে ধৰি দেশৰ আগশাৰীৰ চহৰসমূহতো পেট্ৰ’লৰ মূল্য লিটাৰত ৯০ টকাৰ উৰ্ধত।

ডিজেলৰ মূল্য জয়পুৰত প্ৰতি লিটাৰত ৯০ টকাৰ বিপৰীতে, মুম্বাইত ৮৮.৬০ টকা।

আনহাতে, দিল্লীত ই ৮১.৪৭ টকা চুইছেগৈ।

ইয়াৰ মূলতে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত অত্যধিক হাৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ।

বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে, এই মূল্যবৃদ্ধি আৰু অধিক গতিত বাহাল থাকিব পাৰে।

আনহাতে, ইন্ধনৰ এই মূল্যবৃদ্ধিয়ে অনলাইন বিপণীসমূহতো প্ৰভাৱ পৰিছে।

জমাট’কে ধৰি বিভিন্ন অনলাইন শ্বপসমূহৰ আইটেমসমূহো পেট্ৰ’লৰ চৰা দামৰ বাবে মূল্যবৃদ্ধি হোৱা দেখা গৈছে।