NORTHEAST NOW (Assamese)

দেশৰ মাত্ৰ ৮০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদানত চৰকাৰৰ খৰচ হ’ব ৫৬,০০০-৭২,০০০ কোটি টকা: SBI

January 10, 2021 10:28 am · এন ই নাও নিউজ
Updated: January 10, 2021 1:34 pm

সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অহা ১৬ জানুৱাৰীৰ পৰা ভাৰতত কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

চৰকাৰে প্ৰকাশ কৰা মতে প্ৰথমাৱস্থাত চিকিৎসা কৰ্মী আৰু সন্মখৰ পৰা কোভিডৰ সৈতে যুঁজ দি থকা প্ৰায় ৩০ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ব।

প্ৰথম অৱস্থাত ৩০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদানৰ নামত চৰকাৰে খৰচ কৰিব লাগিব ২১,০০০-২৭,০০০ কোটি টকা।

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI-এ শেহতীয়াকৈ চলোৱা এক সমীক্ষাত এই পৰিসংখ্যা প্ৰকাশ পাইছে।

একেদৰে ৫০ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ চৰকাৰে ব্যয় কৰিব লাগিব ৩৫,০০০-৪৫,০০০ কোটি টকা।

SBI ৰ সমীক্ষাত প্ৰকাশ পোৱা মতে চৰকাৰে যদি দেশৰ ৮০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদান কৰে তেন্তে তাৰ বাবে খৰচ হ’ব ৫৬,০০০-৭২,০০০ কোটি টকা।

চৰকাৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়াত ৫০ কোটিৰো অধিক ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক ব্যৱহাৰ কৰিব।

এই ক্ষেত্ৰত ছেৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ড ভেকচিন প্ৰদান কৰাৰ নামত চৰকাৰে প্ৰতিজন ব্যক্তিৰ বাবদ খৰচ কৰিব লাগিব ৭০০-৯০০ টকা।

উল্লেখ্য অলপতে অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভিক্সিন নামৰ কোভিড ভেকচিন দুটা ভাৰতত জৰুৰী টীকাকৰণৰ চূড়ান্ত অনুমতি লাভ কৰিছিল।

কোভিডশ্বীল্ড ভেকচিন উৎপাদন কৰিছে ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু কোভিক্সিন ভেকচিন প্ৰস্তুতকাৰী কৰিছে আন এটা ভাৰতীয় প্ৰতিষ্ঠান ভাৰত বায়’টেকে ।

Related News