NORTHEAST NOW (Assamese)
অসম

ৰিহন দৈমাৰী কোনো কামৰ মন্ত্ৰী নহয় : আমৰণ অনশনত বহিল PHE ৰ অস্থায়ী শ্ৰমিক-কৰ্মচাৰী

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা February 8, 2021 3:31 pm
ৰিহন দৈমাৰী কোনো কামৰ মন্ত্ৰী নহয় : আমৰণ অনশনত বহিল PHE ৰ অস্থায়ী শ্ৰমিক-কৰ্মচাৰী

ৰিহন দৈমাৰী কোনো কামৰ মানুহ নহয় বুলি গুৰুত্বৰ অভিযোগ তুলিছে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলে।

আজি গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিউমৰ সন্মুখত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে।

উক্ত অনশনত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী উৎপল গোস্বামীয়ে কয় “আমাৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো স্থায়ী সিদ্ধান্ত নোলোৱা পৰ্যন্ত আমি আমৰণ অনশন চলাই যাম।”

“আমি যোৱা ৫ বছৰে ধৰি ১ টকাও দৰমহা পোৱা নাই, ৰিহন দৈমাৰী বিধায়কৰে যোগ্য নহয় মন্ত্ৰীৰ যোগ্য কেনেকৈ হ’ব” গোস্বামীয়ে ক্ষোভ প্ৰকাশ কৰি কয় ।

আনহাতে হৰকান্ত দাস নামৰ আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয় “আমি এই কাৰ্যসূচী কিমান দিনলৈ চলাম আমি ক’ব নোৱাৰো। এই দাবী মানি ল’ম বুলি লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত আমি এই কাৰ্যসূচী চলাই যাম।”

প্ৰতিবাদকাৰীৰ পাঁচ ঘন্টিয়া নেৰা নেপেৰা প্ৰতিবাদৰ অন্তত আৰক্ষীয়ে আটক কৰি বশিষ্ঠ থানা লৈ লৈ যায় প্ৰতিবাদকাৰীসকলক।

উল্লেখযোগ্য যে অসমত ৮,৯০৪ গৰাকী তেনে স্থায়ী নিযুক্তি লাভ নকৰা প্ৰতিবাদকাৰী আছে।