NORTHEAST NOW (Assamese)

উকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা; দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উদ্ধাৰ প্ৰায় ৮০ লাখ টকা

May 13, 2024 8:29 pm · এন ই নাও নিউজ, গুৱাহাটী
উকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী।

উত্তৰ লখিমপুৰৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰ বেহা পাতি গ্ৰেপ্তাৰ সন্মুখীন হবলগা হ’ল কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী।

ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতিৰ পোহাৰ মেলি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা অভিযন্তা জয়ন্ত গোস্বামীয়ে কেইমাহমানৰ পূৰ্বে ঘিলামৰা সংমণ্ডলত যোগদান কৰিছিল।

বিভাগীয় এজন কৰ্মচাৰীৰ সৈতে গুৱাহাটীৰ হেঙেৰাবাৰীত ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাতে ভিজিলেঞ্চ এণ্ড এন্টি কৰাপচন বিভাগৰ এটা দলে কাৰ্যবাহী অভিযন্তা গোস্বামীক হাতে লোটে গ্ৰেপ্তাৰ কৰে।

অভিযানকাৰী দলে হেঙৰাবাৰীত গোস্বামীৰ বাসগৃহত তালাচী চলাই নগদ ৭৯,৮৭,৫০০ টকা উদ্ধাৰ কৰে। দুৰ্নীতি নিবাৰক শাখাই এই ধন জব্দ কৰি অধিক তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইপিনে, এই সন্দৰ্ভত এটা গোচৰ পঞ্জীভূত হোৱা পাছত সোমবাৰে বিয়লি সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ তন্ময় বৰাৰ উপস্থিতিত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্যৰ নেতৃত্বত, ঘিলামৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ সহযোগত সংমণ্ডলটোৰ চৌহদতে থকা গোস্বামীৰ বাসভৱনটো চীল কৰা হয়।

উল্লেখ্য যে শীঘ্ৰেই পঞ্জীভূত উক্ত গোচৰৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ঘিলামৰালৈ গৈ অভিযন্তা গৰাকীৰ বাসভৱনত তালাচী চলাব।

Related News