NORTHEAST NOW (Assamese)
Popular Stories

ইউজাৰৰ স্বাৰ্থত হোৱাটছএপৰ ডাঙৰ পদক্ষেপ; আৰু ল’ব পৰা নাযাব প্ৰফাইল ফটোৰ স্ক্ৰীণশ্বট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2024 6:51 am

হোৱাটছএপে এটা ছিকিউৰিটি ফিচাৰৰ ওপৰত কাম কৰি আছে। ফলত এতিয়াৰ পৰা আপোনাৰ প্ৰফাইল ছবিখনৰ স্ক্ৰীণশ্বট কোনেও ল’ব নোৱাৰিব। অৱশ্যে এই ফিচাৰ পৰীক্ষামূলকভাৱে ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰৱৰ্তন কৰা হৈছিল।

ইয়াৰ পূৰ্বে এই ফিচাৰ এণ্ড্ৰইড বিটা সংস্কৰণত দেখা গৈছিল। এই ফিচাৰ iOS সংস্কৰণৰ শেহতীয়া বিটা আপডেটত লক্ষ্য কৰা গৈছে। এতিয়া ইয়াক সমগ্ৰ বিশ্বৰ ইুজাৰসকলৰ বাবে মুকলি কৰা হৈছে।

ব্যৱহাৰকাৰীৰ গোপনীয়তাক মনত ৰাখি হোৱাটছএপে মুকলি কৰিছে এক নতুন ছিকিউৰিটি ফিচাৰ। এই ফিচাৰ প্ৰৱৰ্তনৰ পূৰ্বে মানুহে হোৱাটছএপত যিকোনো ব্যক্তিৰ প্ৰফাইল ছবিৰ স্ক্ৰীণশ্বট ল’ব পাৰিছিল। কিন্তু, এতিয়াৰ পৰা নিৰাপত্তাজনিত কাৰণত সেয়া সম্ভৱ নহ’ব।

লগতে পঢ়কঃ উকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা; দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উদ্ধাৰ প্ৰায় ৮০ লাখ টকা

এই নতুন ফিচাৰৰ সৈতে এতিয়া কোনেও আপোনাৰ প্ৰফাইল ছবিৰ স্ক্ৰীণশ্বট ল’ব নোৱাৰে। যদিও ফেব্ৰুৱাৰী মাহৰ পৰা এই ফিচাৰ পৰীক্ষামূলকভাৱে চলি আছে, এতিয়া ইয়াক বিশ্বৰ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰা হৈছে।

কোৱা হৈছে যে ইয়াক ইউজাৰৰ গোপনীয়তা বৃদ্ধিৰ লক্ষ্যৰে অনা হৈছে। মেটাৰ মালিকানাধীন কোম্পানীটোৱে অতি সোনকালে এপটোত স্ক্ৰীণশ্বট ব্লক কৰা প্ৰফাইল ফটো ফিচাৰ আনিবলৈ ওলাইছে। এই ফিচাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰফাইল ছবিখন ব্লক কৰিব পাৰে।

দৰাচলতে আপুনি যিজনৰ ফটো স্ক্ৰীণশ্বট ল’ব বিচাৰে তেওঁৰ অনুমতি অবিহনে স্ক্ৰীণশ্বট ল’ব নোৱাৰিব। Wabitinfo ৰ মতে, এই নতুন ফিচাৰ ব্যৱহাৰ কৰিবলৈ, ব্যৱহাৰকাৰীসকলে আপডেইট কৰা সংস্কৰণ 2.24.4.25 ইনষ্টল কৰিব লাগিব।

লগতে পঢ়কঃমানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধিৰ বাবেই কোম্পানীয়ে এই ফিচাৰ আনিছে। নতুন ফিচাৰটো মুকলি কৰাৰ পিছত ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু শক্তিশালী হ’ব।