NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ ১০৫০ বটল ফেঞ্চিডাইল; তিনিজন সৰবৰাহকাৰী আটক

Posted by: এন ই নাও নিউজ September 18, 2018 8:52 am
DnUJOYrV4AAyCMa

ক্ৰমশ: নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ৰে’লৱে ষ্টেশ্যন। সোমবাৰে গুৱাহাটী ষ্টেশ্যনত ৰে’লৱে আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই ১০৫০ বটল ফেঞ্চিডাইল জব্দ কৰাৰ পাছতে এতিয়া ৰে’লৱে বাহিনীৰ সুৰক্ষা সন্দৰ্ভত বৃহৎ প্ৰশ্ন উত্থাপন হৈছে। ।

উল্লেখ্য যে ৰাজধানী এক্সপ্ৰেছত চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত নিষিদ্ধ নিচাজাতীয় সামগ্ৰী ফেঞ্চিডাইলৰ লগতে উক্ত সামগ্ৰী কঢ়িওৱাৰ অপৰাধত ৰে’লৱে আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা লোক তিনিজনে নিজকে ক্ৰমে থাংলিয়ানা, ছুইলিয়ান থাংগা আৰু লাল্ৰুআট কিমা বুলি আৰক্ষীক জানিবলৈ দিয়ে।

ইফালে ৰে’ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত ফেঞ্চিডাইলখিনি দিল্লীৰ পৰা মিজোৰাম হৈ ম্যানমাৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী কেইজনে।

অৱশ্যে পৰৱৰ্তী তদন্তৰ সময়তহে ইয়াৰ আঁৰৰ প্ৰকৃত তথ্য জানিব পৰা হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ছোৱাত গাঞ্জা, মৰফিনকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা ঘটনাই নিসন্দেহে গুৱাহাটী যে এনেধৰণৰ অপৰাধমূলক কাৰ্যৰ ঘাটি হৈ পৰিছে সেয়া খাতাং।