NORTHEAST NOW (Assamese)

লুঙি পিন্ধিয়েই পালে আমেৰিকা; ছচিয়েল মিডিয়াত ভাইৰেল বাংলাদেশী যুৱকৰ কীৰ্তি!

March 21, 2021 3:04 pm · এন ই নাও নিউজ
ফটো: সংগৃহিত।

বাংলাদেশত লুঙিৰ আদৰ সৰ্বজনবিদিত।কিন্তু লুঙি পিন্ধিয়েই আমেৰিকাত যোৱা এজন যুৱকৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জুৱেল মিঞা নামৰ যুৱকজনে লুঙি-গেঞ্জী পিন্ধিয়েই আমেৰিকাত উপস্থিত হয়। লুঙি-গেঞ্জী পৰিহিত যুৱকজনৰ এখন ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

‘আজকাল’ত প্ৰকাশিত বাতৰি অনুসৰি, যোৱা তিনি ফেব্ৰুৱাৰিত তেওঁ বাংলাদেশলৈ অহাৰ পাছত ১৭ মাৰ্চত আমেৰিকালৈ উভতি যায়। এইদৰে উভতি যোৱাৰ পথত তেওঁৰ পৰিহিত পোছাক ভাইৰেল হৈ পৰে।

বিমানবন্দৰৰ ইমিগ্ৰেশ্যনত লুঙি-গেঞ্জী পিন্ধিয়েই নিজৰ ছবি প’ষ্ট কৰে জুৱেলে। তাৰপাছত ডিঙিত বাংলা গামোচা লৈ নিজ দেশৰ পৰা নিউয়ৰ্কলৈ উভতি যায় বাংলাদেশী যুৱকজনে।

যাত্ৰাপথত জুৱেলে ছচিয়েল মিডিয়াত বিভিন্ন প’ষ্ট আপডেট দি যায়। ‘ট্ৰেফিক এলাৰ্ট’ নামৰ ফেচবুক পেজৰ পৰা দুখন ছবি তেওঁৰ ভাইৰেল হৈ পৰে।

জুৱেলৰ বন্ধুসকলে জানিবলৈ দিয়া মতে তেওঁ প্ৰায়েই এনেদৰে সকলোকে চমক দিয়ে। কিন্তু লুঙি-গেঞ্জী-গামোচাক আমেৰিকাত এনেদেৰ জনপ্ৰিয় কৰি তুলিব কোনোৱেই ভাৱিবই পৰা নাছিল।

ইয়াৰ পাছতো জুৱেলৰ পেজত ফল’ৱাৰৰ সংখ্যা বহু বৃদ্ধি পাইছে। জুৱেল হৈ পৰিছে বাংলাদেশী চেলিব্ৰেটি।

ৰাষ্ট্ৰসংঘৰ ১৯৩ সদস্য দেশৰ পৰা হাজাৰ হাজাৰ য়ুথ লীডাৰৰ মাজৰ পৰা প্ৰতিবছৰে ৩৩জন য়ুথ চাব কমিটিৰ সদস্য নিৰ্বাচিত হয়। ২০১৮ চনত বাংলাদেশী আমেৰিকান জুৱেল মিঞা তাৰে এজন নিৰ্বাচিত হৈছিল।

Related News