NORTHEAST NOW (Assamese)
দেশ

ক’ৰ’ণাতংকৰ সময়ত ৰাম মন্দিৰৰ ভূমিপূজন কিয়? আদালতৰ দ্বাৰস্থ সাংবাদিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 6:21 pm
Ram-Mandir

দেশত এতিয়া ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ চলিছে।

এই সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা সামাজিক দূৰত্ব মানি চলিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাই থকা হৈছে।

এনে সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাত ব্যাপক আয়োজন চলিছে ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ।

এই ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য শীৰ্ষ নেতা সকল।

কেইবাখনো ৰাজ্যৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব উক্ত অনুষ্ঠানত।

দেশত আনলক ২.০ চলি থকাৰ সময়তে ৫ আগষ্টত হ’বলগীয়া ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানে চৰকাৰৰ নীতিকে উলংঘা কৰিব বুলি অভিযোগ কৰি ভূমি পূজন অনুষ্ঠান বন্ধ কৰাৰ দাবীৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে দিল্লীৰ সাংবাদিক চাকেট গোখলেই।

সাংবাদিক গৰাকীৰ মতে ভুমিপূজন অনুষ্ঠানত একে ঠাইতে বহু লোক সমৱেত হোৱাৰ ফলত আনলক ২,০ ৰ নীতি ভংগ হ’ব।

সেয়ে উক্ত অনুষ্ঠান বাতিল কৰিব লাগে। চৰকাৰে তিনিদিনীয়াকৈ চলিবলগীয়া উক্ত অনুষ্ঠানত ২০০ গৰাকী লোকহে উপস্থিত থাকিব বুলি কৈছে।

কিন্তু একেঠাইতে ২০০ লোক উপস্থিত থাকিলে ক’ৰ’ণাৰ সংক্ৰমণ বঢ়াৰ আশংকা কৰিছে সাংবাদিক গোখলেই।

সেই বাবে তেওঁ আদালতত দাখিল কৰিছে ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন। শেহতীয়া খবৰ অনুসৰি আদালতে আবেদন খন নাকচ কৰিছে।