NORTHEAST NOW (Assamese)

সাৱধান! কামুৰিলে যৌনাংগত পোহনীয়া কুকুৰে, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

April 15, 2023 8:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 14, 2023 8:32 pm

উচ্চবিত্ত আৰু মধ্যবিত্তৰ বিলাসৰ সম্পদ পোহনীয়া কুকুৰৰ কামোৰত গুৰুতৰভাৱে আহত হৈ এজন যুৱকে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছ। শুকুৰবাৰে হাৰিয়ানাৰ কৰ্ণালৰ বিজনা গাঁৱত সংঘটিত হয় এই ঘটনা। যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে শুকুৰবাৰে হাৰিয়ানাৰ কুৰ্ণালৰ বিজনা গাঁৱৰ এজন যুৱকে ৰাতিপুৱা কামলৈ গৈছিল। সেই সময়ত এটা পোহনীয়া কুকুৰে ৰাস্তাত ঘূৰি ফুৰিছিল। কুকুৰটোৱে যুৱকজনক দেখি ওচৰলৈ দৌৰি আহি অতৰ্কিতে আক্ৰমণ কৰে। কুকুৰটোৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ যুৱকজনে এডাল লাঠিৰে খেদি পঠিয়াবলৈ চেষ্টা কৰে।

কিন্তু কুকুৰটোৱে যুৱকজনৰ লাঠিৰ আঘাতকো কেৰেপ নকৰি কৰি খেদা মাৰি গৈ যুৱকজনৰ যৌনাংগত কামোৰে।

যুৱকজনৰ চিৎকাৰ শুনি চৌপাশৰ মানুহবোৰ দৌৰি আহি কুকুৰটোৰ আক্ৰমণৰ পৰা যুৱকজনক উদ্ধাৰ কৰে। যৌনাংগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত যুৱকজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে যুৱকজনৰ পৰিয়ালে স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত যুৱকজনক কৰ্ণাল চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে কয় যে, “কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ।”

আনহাতে, কুকুৰটোৰ গৰাকী কোন আৰু ক’ৰ পৰা আহিল সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে কুকুৰটোৰ গৰাকীক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related News