NORTHEAST NOW (Assamese)

অসম পালেহি, গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰমাইণ্ড  পি কে দত্ত

October 7, 2020 11:14 am · কল্পজ্যোতি শইকীয়া
Updated: October 7, 2020 11:16 am

মঙলবাৰে নিশা অসমলৈ লৈ অহা হয় এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ড পি কে দত্তক।

অসম আৰক্ষীয়ে নিশা প্ৰথমে কাজলগাঁও অতিথিশালাত ৰাখিছিল পি কে দত্তক। তাৰ পাছতে পুৱতি নিশা প্ৰায় দুই বজাত গুৱাহাটী অভিমুখে লৈ অহা হয় দত্তক।

চিৰাং জিলা আৰক্ষী অধীক্ষকৰ পৰা পিকে দত্তক চমজি লয় এ ডি জি পি জি পি সিঙে।

বৰ্তমান চি আই ডিৰ উলুবাৰিস্থিত মুখ্য কাৰ্যালয়ত ৰখা হৈছে পি কে দত্তক।

চি আই ডি আৰু আৰক্ষীৰ দলে পৃথকে পৃথকে জেৰা চলাই আছে পি কে দত্তক। জেৰাত একো চাঞ্চল্যকৰ ভাষ্য আগবঢ়োৱা নাই পি কে দত্তই।

আনহাতে, বিয়লি ভাগত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত দত্তক হাজিৰ কৰোৱা হ’ব।

পি কে দত্তৰ লগতে জোৱায়েক আৰু পুত্ৰ ঈশানকো অনা হৈছে অসমলৈ।

জোৱায়েক, পুত্ৰৰ লগত নেপালৰ পৰা অসমলৈ আত্মসমৰ্পণৰ বাবে আহি থকা অৱস্থাত মঙলবাৰে পুৱাৰ ভাগত ভাৰত-নেপাল সীমান্তৰ কাকৰভিতাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পি কে দত্তক।

Related News