NORTHEAST NOW (Assamese)

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

May 29, 2022 1:06 pm · এন ই নাও নিউজ, গুৱাহাটী

চাৰিজন ভাৰতীয়কে ধৰি ২২ জন যাত্ৰীৰ সৈতে নেপালৰ এখন বিমান সন্ধানহীন হৈছে। বাতৰি অনুসৰি তাৰা এয়াৰৰ ৯ এনএইটি বিমানখন নেপালৰ পোখৰাৰ পৰা জোমচামলৈ উৰা মাৰিছিল। পুৱা ৯-৫৫ বজাৰ পিছৰে পৰা এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ সৈতে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

মুখ্য জিলা বিষয়া গৰাকীয়ে সংবাদ সংস্থাক জানিবলৈ দি কয়, “বিমানখন শেষবাৰৰ বাবে মুস্তাং জিলাৰ জোমচামৰ আকাশত দেখা গৈছিল। তাৰপিছত বিমানখনে ধৌলাগিৰি শৃংগৰ পিনে ঘুৰিছিল। তেতিয়াৰ পৰা বিমানখনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে।‘’

লগতে পঢ়ক: Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফডীন্দ্ৰ মণি পোখৰেলে সংবাদ মাধ্যমক জানিবলৈ দি কয়, “নেপালৰ গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানখন বিচাৰি উলিয়াবলৈ মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ নিয়োগ কৰিছে। নেপাল সেনাৰ হেলিকপ্টাৰসমূহো অনুসন্ধান চলাবৰ বাবে সাজু কৰা আছে।‘’

তেওঁ লগতে কয় যে নেপালী সেনাৰ এখন এমআই-১৭ হেলিকপ্টাৰ ইতিমধ্যে মুস্তাঙৰ লেটলৈ ৰাওনা হৈছে। তাতেই এয়াৰ প্লেনখন দুৰ্ঘটনাগ্ৰস্ত হে ভাঙি পৰা বুলি আনুমান কৰা হৈছে। 

Related News