NORTHEAST NOW (Assamese)
অসম

সাৱধান! বজাৰত বন্ধাকবি কিনাৰ সময়ত এশবাৰ ভাবক (ভিডিঅ’টো চাওক)

Posted by: কল্পজ্যোতি শইকীয়া September 14, 2018 5:11 pm
PlasticCabbage

মহানগৰীৰ বজাৰত বন্ধাকবি কিনাৰ পূৰ্বে আপুনি দহবাৰ ভাবক। এইখন বজাৰৰ পৰা বন্ধাকবি কিনি নিয়া এজন গ্ৰাহকে ভালকৈ পৰীক্ষা কৰাৰ পিছত সেয়া প্লাষ্টিকৰ বন্ধাকবি বুলি দাবী কৰি পুনৰ বিক্ৰেতাজনৰ ওচৰলৈ অহাৰ ঘটনা এটা আমাৰ হাতত পৰিছেহি।

দেখাত সাধাৰণ বন্ধাকবিৰ দৰে হ’লেও সেইটো প্লাষ্টিকৰ বন্ধাকবিহে বুলি গ্ৰাহকজনে দাবী কৰিছে।

জানিব পৰা মতে, ছয়মাইলৰ নিৱাসী ধৰ্মকান্ত গগৈ নামৰ এগৰাকী ব্যক্তিয়ে এসপ্তাহ পূৰ্বে ছয়মাইলৰ ফ্লাই অ’ভাৰৰ তলত থকা দৈনিক বজাৰৰ এখন পাচলি দোকানৰ পৰা এটা বন্ধাকবি ক্ৰয় কৰিছিল। ক্ৰয় কৰাৰ পাছত তেওঁ জন্মস্থান লখিমপুৰলৈ যাব লগা হোৱাত কবিটো খাব নোৱাৰিলে।

কিন্তু লখিমপুৰৰ পৰা ঘূৰি আহি ১৩ ছেপ্তেম্বৰত শাক-পাচলিখিনি লক্ষ্য কৰাত দেখে যে অন্য সকলো শাক-পাচলি গেলিপচি গ’ল যদিও উক্ত কবিটো সতেজ হৈয়ে আছে।

তেতিয়াই তেওঁ কবিটোৰ পাত এটা গুচাই ভালদৰে নিৰীক্ষণ কৰাত সেয়া প্লাষ্টিকৰ কবি বুলি ভাব হয়। লগে লগে তেওঁ কবিটোৰ এটা ভিডিঅ’ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আপল’ড কৰে।

আনহাতে, আজি, অৰ্থাৎ ১৪ ছেপ্তেম্বৰত ধৰ্মকান্ত গগৈয়ে বেপাৰীজনক কিয় প্লাষ্টিক কবি বিক্ৰী কৰিছে বুলি সোধাত তেওঁ কয় যে তেওঁলোক এই সম্পৰ্কে জ্ঞাত নহয় তথা তেওঁলোকে হ’লছেইলৰ পৰা কবিসমূহ ক্ৰয় কৰে।

আমাক জনোৱামতে, ধৰ্মকান্ত গগৈয়ে কাইলৈ খাদ্য সুৰক্ষা আৰু যোগান বিভাগত উক্ত বিষয়টোৰ সন্দৰ্ভত এটা গোচৰ তৰিব।

খাদ্য সুৰক্ষা আৰু যোগান বিভাগে গগৈৰ দাবীৰ সত্যতা-অসত্যতা নিশ্চিত কৰিবৰ বাবে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব।

মন কৰিব লগীয়া যে যোৱা কিছুদিন ধৰি প্লাষ্টিকৰ বন্ধাকবিৰ বিষয়ে যথেষ্ট প্ৰচাৰ চলি আহিছে যদিও এয়া কিমান দূৰ সত্য বা সঠিক পৰীক্ষা-নিৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠিত তাত সন্দেহ আছে।

বিশেষজ্ঞসকলৰ মত যে প্লাষ্টিকৰ বন্ধাকবি বনোৱা কথাটো একেবাৰে বিশ্বাসযোগ্য নহয় আৰু সেয়া অৰ্থনৈতিকভাৱেও লাভজনক নহয়। অন্যান্য কিছুমান গছপাতৰ দৰে বন্ধাকবিৰ পাততো প্লাষ্টিকৰ গুণ (টানিলে অলপ প্ৰসাৰিত হোৱা) থাকে। লেৰেলিলে সেয়া বেছিকৈ হয়। ইয়াকে মানুহে প্লাষ্টিকৰ বুলি ভুল কৰিব পাৰে।

আনহাতে ইণ্টাৰনেট জগত বা ফেইচবুক আদিত প্লাষ্টিকৰ কবি বনোৱাৰ যি ভিডিঅ’ পোৱা যায়, সেয়া গৱেষণা আৰু শিক্ষামূলক তথা প্ৰদৰ্শনীৰ উদ্দেশ্যে কৰা কামৰ ভিডিঅ’। জাপান আৰু চীনত গ্ৰাহকৰ বাবে ৰখা খাদ্য সামগ্ৰী (Food Item) ৰ নমুনা প্ৰদৰ্শনৰ বাবেও এনেকুৱা নমুনাসদৃশ বন্ধাকবি ৰখা হয় বুলি জানিব পৰা গৈছে।

যি নহওক ধৰ্মকান্ত গগৈৰ গোচৰ বা অভিযোগ মতে খাদ্য সুৰক্ষা বিভাগে বিষয়টো কেনেধৰণে গ্ৰহণ কৰে বা ইয়াৰ পুংখানুপুংখ অনুসন্ধান কৰে নে নকৰে সেইটো মন কৰিব লগীয়া কথা হ’ব।