NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে ‘এথন’ফেস্ট ‘

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 25, 2024 7:40 pm

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমৰ উদ্যোগত অহা ২৯ আৰু ৩০ এপ্ৰিল, ২০২৪ তাৰিখে বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা হৈছে জনগোষ্ঠীয় খাদ্য আৰু সাংস্কৃতিক মহোৎসৱ ২০২৪ৰ ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐতিহ্যময় কলা-সংস্কৃতি আৰু পৰম্পৰাক আগুৱাই লৈ যোৱাৰ বাবে এই উৎসৱ অনুষ্ঠিত কৰিছে বিশ্ববিদ্যালয়খনে।

এই উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা  বিভিন্ন জাতি জনগোষ্ঠীৰ অংশগ্ৰহণকাৰীসকল একত্ৰিত হৈ তেওঁলোকৰ বৈচিত্ৰময় সংস্কৃতি পৰম্পৰা, ঐতিহ্য, সংগীত, নৃত্য কলা , খাদ্যাভ্যাস ইত্যাদি পৰস্পৰক বিনিময় আৰু অৱগত কৰাৰ লগতে প্ৰদৰ্শন কৰিব পাৰিব।

উৎসৱত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰখ্যাত মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াই অংশগ্ৰহণ কৰিব। ৰন্ধন প্ৰতিযোগিতাখন আগবঢ়াই নিবলৈ শইকীয়াই সহযোগিতা আগবঢ়াব।

উল্লেখযোগ্য যে এই সাংস্কৃতিক মহোৎসৱত দুখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব – 
১ / লোক নৃত্য প্ৰতিযোগিতা (দলীয় )

কেৱল দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত  হ’বলগীয়া এই প্ৰতিযোগিতাখন ২৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব l

  ২/ জনগোষ্ঠীয় ৰন্ধন প্ৰতিযোগিতা

বয়সৰ কোনো সীমা নোহোৱাকৈ সকলোৰে বাবে মুকলি থকা এই প্ৰতিযোগিতা ৩০ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব।  বিচাৰক হিচাপে উপস্থিত থাকিব মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়া l

বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলে লাভ কৰিব নগদ পুৰস্কাৰ আৰু ৰোমাঞ্চকৰ উপহাৰ। 

অধিক তথ্যৰ বাবে বিশ্ববিদ্যালয়খন এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব – ৯৬৭৮৭০৩২৯৩/৯৮৬৪২০৭৫৬১/৮৬৩৮৫৫২৪৪৩।