NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা প্লাটন কামাণ্ডেটৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ April 22, 2022 7:31 am
Platoon commandant commits suicide

শিৱসাগৰ জিলাৰ আৰক্ষী বিভাগত কৰ্মৰত এজন ব্যক্তিয়ে নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত কামাণ্ডেন্ট জনৰ নাম প্ৰবীণ গগৈ (৫৬) বুলি জানিব পৰা গৈছে।

টেঙা পুখুৰীৰ নিজা বাসভৱনত যোৱা নিশা নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যা কৰে আৰক্ষী বিষয়াজনে।

অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ।

নিজ গৃহত গুলিবিদ্ধ আৰক্ষী বিষয়াজনক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে প্ৰবীন গগৈক।

শিৱসাগৰৰ ৰুদ্ৰসাগৰত কৰ্মৰত প্ৰবীণ গগৈ বৃহস্পতিবাৰে টেঙাপুখুৰীৰ নিজা গৃহলৈ গৈছিল।

অৱশ্যে কি কাৰণে আৰক্ষী বিষয়াজনে আত্মহত্যা কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা নাই।