NORTHEAST NOW (Assamese)

পাঠ্যক্ৰমত আত্মৰক্ষাৰ প্ৰশিক্ষণ অন্তভুৰ্ক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে অসমৰ এগৰাকী নৱম মানৰ ছাত্ৰীয়ে

November 19, 2020 6:59 am · এন ই নাও নিউজ
Updated: November 19, 2020 8:48 am

অসমৰ এগৰাকী নৱম মানৰ ছাত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ লিখিছে।

১৫ বছৰীয়া ছাত্ৰী গৰাকীয়ে দেশৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত আত্মৰক্ষা কৌশল প্ৰশিক্ষণ অন্তভুৰ্ক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই পত্ৰৰ দ্বাৰা আবেদন জনাইছে।

গুৱাহাটী বৰাগাঁওস্থিত প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম মানৰ শিক্ষাৰ্থী মিনাক্ষী সিঙে বুধবাৰে স্পীড পোষ্টৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ উক্ত পত্ৰখন প্ৰেৰণ কৰিছে।

১৫ বছৰীয়া ছাত্ৰী গৰাকীয়ে প্ৰত্ৰখনত উল্লেখ কৰিছে যে দেশৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত আত্মৰক্ষাৰ প্ৰশিক্ষণ বাধ্যতামূলক কৰিলে দেশত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ সমস্যা হ্ৰাস কৰিব ৰা যাব।

“মই অনুৰোধ কৰিছো, আপুনি দেশৰ বিদ্যায়লসমূহৰ পাঠ্যক্ৰমত ছোৱালীসকলৰ কাৰণে আত্মৰক্ষাৰ প্ৰশিক্ষণ অন্তভুৰ্ক্ত কৰিব।” ছাত্ৰীগৰাকীয়ে পত্ৰখনত লিখিছে।

আনহাতে ছাত্ৰী গৰাকীয়ে বিদ্যালয়মূহত ছাত্ৰীসকলৰ বাবে আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণ বিনামূলীয়া কৰিবলৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়।

ইয়াৰ দ্বাৰা ছোৱালীসকলৰ নিজকে সুৰক্ষিত ৰখাৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব আৰু যিকোনো পৰিস্থিতিতে আত্মৰক্ষা কৰিবলৈ সক্ষম হৈ উঠিব বুলিও ছাত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে উশ্বু খেলুৱৈ মিনাক্ষীয়ে তেওঁৰ প্ৰশিক্ষক চিফু গোপী লামাৰ তত্বাৱধানত বিগত এটা বছৰে সপ্তাহৰ প্ৰতি দেওবাৰে ছোৱালীৰ বাবে গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত আত্মৰক্ষা কৌশল প্ৰশিক্ষণ এটা কৰ্মশালাৰ আয়োজন কৰি আহিছে।

Related News