NORTHEAST NOW (Assamese)

চীনৰ সৈতে যুদ্ধৰ দিন ঠিক কৰি থৈছে প্ৰধানমন্ত্ৰী মোডীয়ে! কোনে দিলে এই বতৰা?

October 26, 2020 6:58 am · এন ই নাও নিউজ

লাডাখ সংকটকলৈ যিকোনো মুহূৰ্ততে চীনৰ সৈতে ভাৰতৰ যুদ্ধ হব পাৰে বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে চীনৰ সৈতে ভাৰতে কেতিয়া যুদ্ধ আৰম্ভ কৰিব তাৰ দিন-বাৰ প্ৰধানমন্ত্ৰী মোদীয়ে থিৰাং কৰি থোৱা বুলি এক খবৰ আহিছে।

এই খবৰ পিছে দেশৰ প্ৰতিৰক্ষা দপ্তৰ অথবা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া নাই।

এই খবৰ দিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিঙে।

বিজেপি নেতা গৰাকীৰ এটা অডিঅ’ টেপত স্পষ্ট ভাবে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ সৈতে কেতিয়া ভাৰতে যুদ্ধ কৰিব তাৰ দিন ঠিক কৰি থৈছে।

বিজেপি নেতা জনে লগতে এই বুলি কৈছে যে অযোধ্যাত কেতিয়া ৰাম মন্দিৰ সজা হব,কাশ্মীৰৰ পৰা কেতিয়া সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা হব আদি কথা সমূহৰ দিন মোডীয়েই ঠিক কৰিছিল।

চীনৰ সৈতে কেতিয়া যুদ্ধ হব তাৰ দিনো সেয়ে মোদীয়েই ঠিক কৰি থৈছে।

উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি গৰাকীৰ এই অডিঅ’ টেপে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

উত্তৰ প্ৰদেশ বিজেপিৰ নেতা ৰবীন্দ্ৰ কুশওৱাই কৈছে যে দলৰ কৰ্মী সকলক উৎসাহিত কৰাৰ বাবেই সভাপতি সিঙে এনেদৰে কৈছিল।

Related News