NORTHEAST NOW (Assamese)

মাজুলীত পিএম-কিষাণ আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ তদন্ত আৰম্ভ; অকৃষকক ধন ঘূৰোৱাৰ নিৰ্দেশ

May 10, 2020 6:24 pm · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মাজুলী জিলাত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি (পিএম-কিষান) আঁচনিৰ অধীনৰ হিতাধিকাৰী বাছনিক লৈ ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। আৰু এই অভিযোগ তদন্তৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ নিৰ্দেশত মাজুলী জিলাত আঁচনিখনৰ হিতাধিকাৰীৰ নামৰ তালিকা পুণৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা কৃষি বিভাগে।

পিএম-কিষান আঁচনিৰ এই তালিকাত জিলাখনৰ যোগ্য কৃষক হিতাধিকাৰীসকলৰ বাদেও চৰকাৰী চাকৰিয়াল, আৰ্থিক অৱস্থাপন্ন লোক আদিৰ দৰে অযোগ্য হিতাধিকাৰীৰ নামো অন্তৰ্ভুক্ত হৈ থকাৰ অভিযোগ উঠাৰ পাছতে উপায়ুক্ত গৰাকীয়ে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

এই বিষয়ত চৰকাৰৰ নিৰ্দেশানুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দি জিলা প্ৰশাসনে পিএম-কিষান তালিকাত নাম সন্নিবিষ্ট হোৱা চাকৰিয়াল, আৰ্থিক অৱস্থাপন্ন লোক তথা অ-কৃষক হিতাধিকিৰীসকলক ইতিমধ্যে আঁচনিখনৰ অধীনত লাভ কৰা ধন ততালিকে ঘূৰোৱাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে জিলা প্ৰশাসনৰ পৰীক্ষণত ধৰা পৰা অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশাসনে সকীয়নি দিছে।

জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতে ইতিমধ্যে জিলা কৃষি বিভাগে আঁচনিখনৰ অযোগ্য, আৰ্থিক অৱস্থা উন্নত হিতাধিকাৰীসকলক চিনাক্তকৰণত সহায়ক হোৱাকৈ এনে অযোগ্য হিতাধিকাৰীৰ কেতবোৰ বৈশিষ্ট্যও ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিছে।

সেই মতে, প্ৰতিষ্ঠানিক ভূমি থকা কোনো লোকেই প্ৰধান মন্ত্ৰী পিএম-কিষান আঁচনিৰ দ্বাৰা উপকৃত হোৱাৰ যোগ্য নহয়। একেদৰে  যিবোৰ কৃষক পৰিয়ালৰ এজন বা একাধিক সদস্য কোনো সাংবিধানিক পদত বৰ্তমান বা ইতিপূৰ্বে কাৰ্যনিৰ্বাহ কৰিছে, বৰ্তমান বা ইতিপূৰ্বে মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সাংসদ-বিধায়ক বা জিলা পৰিষদৰ সভাপতি পদত আসীন হৈছে, তেওঁলোকেও এই আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰে।

তদুপৰি, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মৰত বা অৱসৰপ্ৰাপ্ত চাকৰিয়াল, স্বায়ত্ব পৰিষদ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা স্থানীয় নিকায়ৰ স্থায়ী কৰ্মচাৰী, মাহে ১০,০০০ টকাতকৈ বেছি পেন্সন লাভ কৰা অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী।

অৱশ্যে কৰ্মৰত বা অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বহুমুখী কাৰ্যত নিয়োজিত কৰ্মী (মাল্টি টাস্ক স্টাফ) এই আঁচনিৰ হিতাধিকাৰী হোৱাৰ যোগ্য হ’ব।

একেদৰে, যোৱা বিত্তীয় বৰ্ষত আয়কৰ পৰিশোধ কৰা লোক, চিকিৎসক, অভিযন্তা, অধিবক্তা, স্থপতিবিদ আদি পঞ্জীয়নভুক্ত পেচাদাৰী লোকো পিএম-কিষানৰ হিতাধিকাৰী হোৱাৰ যোগ্য নহয়।

উল্লেখ্য যে, ভাৰত চৰকাৰে এই আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰি কৃষক পৰিয়ালৰ সংখ্যাই স্বামী, পত্নী আৰু তেওঁলোকৰ ১৮ বছৰ অনুৰ্দ্ধৰ নাবালক সন্তানকহে সামৰি লৈছে।

Related News