NORTHEAST NOW (Assamese)

গীতিকাৰ মোডী! গ্ৰেমী বিজয়ী কণ্ঠশিল্পী ফালুৰ সৈতে মিলি লিখিছে গীত! শুনাব বজ্ৰাৰ উপকাৰিতা

June 17, 2023 11:19 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেমী বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান গায়িকা ফালুৰ সৈতে মিলি বজ্ৰা (Millet)ৰ উপকাৰিতা আৰু বিশ্বত ক্ষুধা নিবাৰণত ইয়াৰ সম্ভাৱনা প্ৰচাৰৰ বাবে গীত লিখিছে। উল্লেখ্য, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত ভাৰতৰ প্ৰস্তাৱৰ পিছত ২০২৩ বৰ্ষটোক ‘আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ’ (আই ৱাই এম) হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

গায়ক-গীতিকাৰ ফাল্গুনি শ্বাহৰ জন্ম হৈছিল মুম্বাইত। যি ফালু নামেৰে বেছি পৰিচিত। শুকুৰবাৰে তেওঁ আৰু তেওঁৰ স্বামী গৌৰৱ শ্বাহে মুকলি কৰে ‘এবডেন্স অফ মিলেটছ’ গীতটো। ফালুৱে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ আৰু মোৰ স্বামী গৌৰৱ শ্বাহৰ সৈতে বহি গীতটো লিখিছিল। লগতে তেওঁ কয় যে ইংৰাজী আৰু হিন্দী ভাষাত লিখা গীতটো সকলোৰে গ্ৰহণযোগ্য হ’ব বুলি তেওঁলোকৰ বিশ্বাস।

লগতে পঢ়ক: সম্ভৱ! ১২ বছৰীয়া বিস্ময় বালকৰ চমক; ডাবল হেট্ৰিক, এটা অভাৰত ৬টা উইকেট

২০২২ চনত ‘এ কালাৰফুল ৱৰ্ল্ড’ এলবামৰ বাবে ফালুৱে শ্ৰেষ্ঠ শিশু এলবামৰ গ্ৰেমী বঁটা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ কয় যে গ্ৰেমী বঁটা লাভ কৰাৰ পিছত নতুন দিল্লীত নৰেন্দ্ৰ মোডীক লগ পোৱাৰ সময়ত তেওঁৰ মনলৈ আহিছিল বজ্ৰা সম্পৰ্কে গীত লিখাৰ কথাটো।

সামাজিক পৰিৱৰ্তন আৰু মানৱতাৰ উন্নতিৰ বাবে সংগীতৰ অৱদানৰ কথা কওঁতে মোদীয়ে তেওঁক ক্ষুধা নিৰ্মূলত বজ্ৰাৰ ভূমিকা সম্পৰ্কে গীতটো লিখিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বজ্ৰাৰ প্ৰচাৰ কৰিব বিচাৰে, কিয়নো ই এটা ছুপাৰ গ্ৰেইন আৰু ইয়াৰ স্বাস্থ্য আৰু পুষ্টিকৰ গুণ বহুত।

লগতে পঢ়ক: ধাৰাসাৰ বৰষুণত উত্তৰ ছিকিমৰ পথত খহনীয়া, বিচ্ছিন্ন যোগাযোগ; আৱদ্ধ প্ৰায় ২হাজাৰ পৰ্যটক

ঠিক তাৰ পিছতেই ফালুৱে মোডীক এটা গীত লিখিবলৈ প্ৰস্তাৱ দিলে। গ্ৰেমী বিজয়ী কণ্ঠশিল্পীগৰাকীয়ে জনায় যে ১৬ জুনত বিশ্বজুৰি মুক্তি পাইছে এই গীতটো।

মোডীৰ সন্দৰ্ভতো ফাল্গুনি শ্বাহে কয়, ‘তেওঁৰ বাবে লিখাটো এটা কথা আৰু তেওঁৰ লগত লিখাটো বেলেগ কথা। গীতবোৰৰ মাজত তেওঁৰ নিজৰ কণ্ঠত তেওঁ লিখা আৰু বৰ্ণনা কৰা ভাষণ শুনিব। যিকোনো শিল্পীৰ বাবে এইটো এক আজীৱন মনত ৰখাৰ সুযোগ।’

লগতে পঢ়ক: সীতাৰ জন্মস্থানক লৈ আপত্তি, ‘আদিপুৰুষ’ নিষিদ্ধ কৰাৰ দাবী; প্ৰদৰ্শনী বাতিল নেপালত

বহু ইতিহাসবিদে দাবী কৰে যে সিন্ধু উপত্যকা সভ্যতাৰ সময়ৰ পৰাই বজ্ৰাৰ খেতি চলি আহিছে। বৰ্তমান ১৩০ খনতকৈও অধিক দেশত উৎপাদিত এই শস্য সমগ্ৰ এছিয়া আৰু আফ্ৰিকাত কেইবালাখো লোকৰ বাবে প্ৰধান খাদ্য হিচাপে গণ্য কৰা হয়। ফালুৱে কয় যে গীতটিৰ উদ্দেশ্য হৈছে বজ্ৰাৰ প্ৰচাৰ আৰু কৃষকসকলক অধিক উৎপাদন কৰিবলৈ উৎসাহিত কৰা।

Related News