NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত মোদীৰ পুত্তলিকা দাহ আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

Posted by: মানস প্ৰতিম গগৈ January 5, 2019 4:15 pm
PM Modi effigy burnt in Assam's Margherita

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে যৌথভাৱে চেগুণবাৰী তিনিআলিৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

এই প্ৰতিবাদৰ ফলত মাৰ্ঘেৰিটাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়৷ বৰাক উপত্যকাৰ জনসাধাৰণৰ সন্মুখত বিজেপিৰ এখন সভাত শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিল ২০১৬ বিধেয়ক গৃহীত কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতেই সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাসমূহ।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰিবলৈ দাবী  জনাই আজিৰ প্ৰতিবাদকাৰী সকলে। অন্যথা অসমৰ ছাত্ৰ সমাজ অধিক জংগী হ’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে আজিৰ প্ৰতিবাদী নেতৃত্বই।

প্ৰতিবাদী কাৰ্যসূচীটোত নেতৃত্ব দিয়ে ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি ৰাহুল ছেত্ৰী, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ, সম্পাদক প্ৰশান্ত গগৈ আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী নিবিতা শৰ্মা, সম্পাদক অভিশেষ বৰুৱাই৷

প্ৰতিবাদৰ অন্তত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো প্ৰতিবাদ

মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ তিনিআলিটো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়েও একেটা দাবীতেই প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীৰে উত্তাল কৰি তোলে লিডুৰ আকাশ বতাহ।

এই প্ৰতিবাদী কাৰ্য্যসূচীত নেতৃত্ব দিয়ে তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই।