NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰবাবুক ৬০ হাজাৰ কোটিৰ পেকেজত অনুমোদন দিলে মোদীয়ে; এতিয়া কি কৰিব নীতিশে?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 11, 2024 2:25 pm

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিল্লী ভ্ৰমণ কৰিলে। খবৰ অনুসৰি মোডী চৰকাৰে সেই ৰাজ্যৰ বাবে ৬০ হাজাৰ কোটি টকাৰ পেকেজ অনুমোদন জনাইছে। অন্ধ্ৰত চৰকাৰী সংস্থা ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে নিৰ্মাণ কৰিব তেল শোধনাগাৰ আৰু কেমিকেল হাব।

সংস্থাটোৰ অধ্যক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৱে কয়, যোৱা সপ্তাহত মোৰ দিল্লী ভ্ৰমণ সফল হৈছিল। কেন্দ্ৰই অন্ধ্ৰৰ বাবে ৬০ হাজাৰ কোটিৰ পেকেজত অনুমোদন জনাইছে।

লগতে পঢ়কঃবানত বিপৰ্যস্ত ৰাজ্য! মৃত্যুৰ সংখ্যা ৮৪ লৈ বৃদ্ধি; এতিয়াও গৃহহীন হৈ আছে হাজাৰ হাজাৰ লোক

চন্দ্ৰবাবুৰ এই ঘোষণাৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধীৰ প্ৰশ্নৰ সন্মুখীন হৈছে । নীতিশে কেতিয়া দিল্লীলৈ গৈ ৰাজ্যৰ দাবী াদায় কৰি আনিব বুলি প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী নেতাসকলে। বিজেপিও চাপত পৰিছে। ৰাজ্যচৰকাৰে ৰাজ্যখনক আৰ্থিকভাৱে দুৰ্বল ৰাজ্য আৰু সাতখন চিকিৎসা মহাবিদ্যালয়, দুশ মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ২০ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰি কেন্দ্ৰই ৰাজ্যখনক বিশেষ সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে।

চন্দ্ৰবাবুৱে যোৱা সপ্তাহত দিল্লী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেইবাজনো গুৰুত্বপূৰ্ণ মন্ত্ৰীক সাক্ষাৎ কৰে। ৰাজনৈতিক মহলৰ বহুতেই কয় যে দিল্লীত যি চৰকাৰে ক্ষমতাত নাথাকক কিয়, চন্দ্ৰবাবুৰ ৰাজ্যৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত কাৰো তুলনা নহয়। বিগত সময়ত অটল বিহাৰী বাজপেয়ী, মনমোহন সিং চৰকাৰৰ দিনতো টিডিপিৰ নেতাগৰাকী কেতিয়াও খালী হাতে দিল্লীৰ পৰা উভতি যোৱা নাই।

এইবাৰ মোডী চৰকাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে টিডিপি আৰু জেডিইউয়ে দুটা পিলাৰৰ ভূমিকা পালন কৰিছে। দল দুটাৰ সাংসদৰ সংখ্যা ক্ৰমে ১৬ আৰু ১৭ জন। এই দুই অংশীদাৰ অসন্তুষ্ট হৈ পৰিলেই মোডী চৰকাৰৰ সংখ্যাগৰিষ্ঠতাক লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে।

লগতে পঢ়কঃ শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন

সত্যটো হ’ল দিল্লীৰ পৰা দাবী আদায়ৰ ক্ষেত্ৰত চন্দ্ৰবাবুতকৈ নীতিশ অধিক দায়বদ্ধ। যোৱা বছৰ নীতিশে পুনৰ বিজেপিৰ সহায়ত চৰকাৰ গঠন কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ স্বাৰ্থ ৰক্ষা আৰু দাবী পূৰণৰ কথা বাৰে বাৰে কৈ আহিছে। সূত্ৰসমূহৰ মতে, ৰাজ্যিক প্ৰকল্পসমূহ বাস্তৱায়িত কৰাত কোনো সমস্যা নাথাকিলেও বিশেষ ৰাজ্যিক মৰ্যাদা পোৱাটো কঠিন হ’ব পাৰে। কাৰণ, বৰ্তমানৰ ব্যৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰে দেশৰ আন কোনো ৰাজ্যক সেই সুবিধা দিয়াৰ সুযোগ নাই।